Breaking

বৰপেটাত সাংবাদিক, লেখক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নবজিৎ দাসৰ “হৃদয়ৰ খবৰ” গ্ৰন্থ উন্মোচন…

0 29

বৰপেটাৰ লক্ষ্মী প্ৰভা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাংবাদিক লেখক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজিৎ দাসৰ অভিজ্ঞতাৰ সংগৃহীত কেবাটাও কাহিনীৰ সংকলিত গ্ৰন্থ “হৃদয়ৰ খবৰ” আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে সাহিত্যিক, কলাগুৰু আৰু শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই৷ বৰপেটা প্ৰেছ ক্লাবত গ্ৰন্থখন উন্মোচন কৰি অক্ষয় কুমাৰ মিশ্ৰই কয় যে লেখক হবলৈ অন্ত প্ৰেৰণাৰ লগতে বাহ্যিক প্ৰেৰণাও লাগিব ৷

কিবা এটা পাব খুজিলে কিবা এটা হেৰুৱাব লাগিব , লেখক হ’বলৈ সাধনা লাগে। কিতাপৰ বিকল্প নাই, হৃদয়ৰ খবৰ নামটো গুৰুত্বপূৰ্ণ, তাৎপৰ্যপূৰ্ণ হৈছে বুলিও উল্লেখ কৰে সাহিত্যিক গৰাকীয়ে। বিশিষ্ট নাট্যকাৰ, অভিনেতা নিৰ্মল দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিক তথা বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক অশোক কুমাৰ দাসে কয় যে মোবাইল ফোন,কম্পিউটাৰ ইত্যাদি কিতাপৰ বিকল্প বুলি কিছুমানে ক’ব খোজে সেয়া কেতিয়াও নহয় ৷ কিতাপ কিতাপেই, কিতাপত জ্ঞান-প্ৰজ্ঞা সকলো থাকে, কিতাপৰ মৃত্যু নাই! মানৱ সভ্যতা বৰ্তী থকালৈকে কিতাপ জীয়াই থাকিব ৷ গ্ৰন্থ উন্মোচনী সভাত বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসম কবি সন্মিলনৰ উপদেষ্টা দীনেশ দাস, বৰপেটা সাহিত্য সভাৰ সভাপতি হিৰণ শইকীয়া লহকৰ, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, কবি নঞ্জু দত্তই ভাষণ প্ৰদান কৰে ৷

Leave A Reply