জেষ্ঠ ফটো সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ জাৰ্ণেলিষ্ট এচ’ছিয়েছনৰ

জেষ্ঠ ফটো সাংবাদিক ধনমণি শৰ্মাৰ অকাল মৃত্যুত জাৰ্ণেলিষ্ট এচ’ছিয়েছন অৱ আসামে গভীৰ শোক প্ৰকাশ কৰিছে৷ শৰ্মাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি জাৰ্ণেলিষ্ট এচ’ছিয়েছনয়ে মত পোষণ কৰে৷

ৰাজ্যৰ সংবাদজগতৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পূৰ্ণানন্দ শৰ্মা অৰ্থাৎ সকলোৰে মৰমৰ ধনমনি আৰু নাই। বৈদ্যুতিন সংবাদ মাধ্যম নিউজ লাইভৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিকৰূপে কৰ্মৰত পূৰ্ণানন্দ শৰ্মা। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে নিউজ লাইভৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পূৰ্ণানন্দ শৰ্মাই । পূৰ্ণানন্দ শৰ্মা আছিল এগৰাকী সুদক্ষ ভিডিঅ’ জাৰ্ণেলিষ্ট। সাংবাদিকতাত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট পূৰ্ণানন্দ শৰ্মাৰ অকাল বিয়োগে শোকৰ ছাঁ পেলাইছে অসমৰ সংবাদ মাধ্যমত। তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰিয়াল বৰ্গই।

Related Articles