ৰাজ্যৰ সাংবাদিক-সংবাদ কর্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ’চিয়েছন ফৰ আছাম চমুকৈ জাফাৰ ২০২১ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি যোৱা ২৮ নৱেম্বৰ তাৰিখে দিছ্পুৰ লাষ্টগেটত থকা লোক নিৰ্মান ভৱনত (জাফা)ৰ বাৰ্ষিক বটাঁ বিতৰণী অনুষ্ঠান ভাগি সম্পন্ন হৈ যায় । এই অনুষ্ঠান ভাগিত টীয়ক চেলেংহাটৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তুষাৰ পালক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কাম কৰি থকাৰ বাবে JAFA Achievers Award 2021 আনুষ্ঠানিকভাৱে প্রদান কৰে। উক্ত বটাঁ প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোননয়ন মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকি এই বটা প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত সভাত বিধান সভাৰ উপাধক্ষ নোমল মমিনকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিতত ২৭ গৰাকীক বিভিন্ন ক্ষেত্রত সমাজলৈ আগবাঢ়োৱা অৱদানৰ বাবে এই বটা প্রদান কৰা হয়।টীয়কৰ চেলেংহাটৰ দৰে অঞ্চলৰ পৰা কাম কৰি ৰাজ্যিক পৰ্য্যায়ত এইদৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে শুভেচ্ছা জনাইছে।

