বাক্সাৰ জিলাৰ জালাহ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত চিলাই মেচিনৰ নামত সংঘটিত এক দুৰ্নীতিৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰামতে উন্নয়ণ খণ্ডটোৰ জয় দাস নামৰ কনিষ্ঠ অভিযন্তা গৰাকীয়ে ১০ আগষ্টত কাৰ্যালয় ছুটীৰ পিচত আবেলি গুদামঘৰৰ পৰা চাৰিটাকৈ চিলাই মেচিন চুৰি কৰিবলৈ লোৱাৰ সময়তে স্থানীয় ইউপিপিএল কৰ্মীয়ে হাতে-লোটে ধৰা পেলায় ৷ পিচত ঘটনা সম্পৰ্কত ইউপিপিএল দলে প্ৰশাসনক অৱগত কৰে ৷ চিলাই মেচিন চুৰি ঘটনাৰ ২৪ ঘন্টা নৌহওতেই বিটিচি প্ৰশাসনে কনিষ্ঠ অভিযন্তা গৰাকীক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰে আৰু কালি বিয়লিৰ ভাগত কাৰ্যালয়টোত উপস্থিত হৈ এক সভাৰ জৰিয়তে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই চৰকাৰৰ হৈ কাৰ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে কনিষ্ঠ অভিযন্তা গৰাকীৰ নিলম্বন পত্ৰ ৷ যেতিয়ালৈকে তদন্ত শেষ নহয় তেতিয়ালৈকে অভিযুক্ত কনিষ্ট অভিযন্তা গৰাকীক নিলম্বন কৰা বুলি জানিব দিয়াৰ লগতে এক উচ্চস্তৰীয় তদন্ত প্ৰক্ৰিয়া ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে । নিলম্বন পত্ৰ প্ৰদান কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ইউপিপিএল দলে কোনো কাৰণতে বিটিআৰ অঞ্চলত দুৰ্নীতি তথা অনিয়মক প্ৰশ্ৰয় দিয়া নহ’ব বুলি সকলো পক্ষক সকীয়াই দিয়ে ৷ ইফালে অভিযন্তা জয় দাসে সমস্ত ঘটনা সচাঁ বুলি স্বীকাৰ কৰিছে যদিও তেওঁ কোনো দুখীয়া লোকক সহায় কৰাৰ উদ্দেশ্যেহে তেনে কাৰ্য কৰা বুলি জানিবলৈ দিয়ে সাংবাদিকক ।