Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক’লে জ্যোতিৰ পিতৃয়ে ?

পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ।(Jyoti Malhotra News)
ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাই কন্যাৰ সন্দৰ্ভত কি ক’লে ?

পাকিস্তানী চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাই দাবী কৰে যে জ্যোতিয়ে নিজৰ ইউটিউব চেনেলৰ ভিডিঅ’ শ্বুট কৰিবলৈ পাকিস্তানলৈ গৈছিল। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰা ফোনসমূহ ঘূৰাই দিবলৈ দাবী জনায়।

পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ থকাৰ অভিযোগত হাৰিয়ানাৰ হিছাৰৰ পৰা জ্যোতিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁক সোধা-পোছা কৰাৰ পিছত কেইবাটাও তথ্য লাভ কৰা হৈছে। এই পৰিস্থিতিত জ্যোতিৰ পিতৃয়ে সংবাদ সংস্থা এএনআইক কয় যে, “জ্যোতি প্ৰায়ে পাকিস্তান আৰু অন্যান্য ঠাইলৈ গৈ ইউটিউব চেনেলৰ ভিডিঅ’ শ্বুট কৰিছিল।” পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ থকাৰ অভিযোগ সন্দৰ্ভত পিতৃ হৰিশে পোনপটীয়াকৈ একো ক’ব বিচৰা নাছিল। কিন্তু তেওঁ ক’লে, “তাত তেওঁৰ কিছুমান বন্ধু থাকিলে ফোন কৰিব নোৱাৰে নেকি?”

জ্যোতিৰ এটা ইউটিউব চেনেল আছে। নামটো ‘ট্ৰেভেল উইথ জো’। জ্যোতিয়ে মূলতঃ তাত ভ্ৰমণৰ ভিডিঅ’ পোষ্ট কৰিছিল। তেওঁৰ অনুগামীৰ সংখ্যা প্ৰায় ১ লাখ ৩২ হাজাৰ। জ্যোতিৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলৰ ভিডিঅ’বোৰ চালে দেখা যায় যে দুমাহমানৰ আগতে তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল, পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হৈছিল। আটৰী-ৱাগাহ সীমান্ত পাৰ হৈ লাহোৰৰ অনাৰকলি বজাৰ ভ্ৰমণ, পাকিস্তানী পঞ্জাৱৰ কাটাছ ৰাজ মন্দিৰ পৰিদৰ্শন কৰা ভিডিঅ’ও আছে। ইউটিউবাৰে জ্যোতিয়ে পাকিস্তানী খাদ্য আৰু ভাৰত আৰু পাকিস্তানৰ সংস্কৃতিৰ তুলনা কৰি এটা ভিডিঅ’ও নিৰ্মাণ কৰে।

তদন্তকাৰীৰ মতে, ২০২৩ চনত জ্যোতিয়ে প্ৰথমবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়ছোৱাতে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়া এহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। অভিযোগ অনুসৰি ডেনিছৰ জৰিয়তে জ্যোতি পাকিস্তানী চোৰাংচোৱা সংস্থাৰ কেইবাজনো বিষয়াৰ সংস্পৰ্শলৈ আহিছিল। ঘৰলৈ উভতি অহাৰ পিছত তেওঁ হোৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাট ব্যৱহাৰ কৰি পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ ৰাখিছিল। জ্যোতিয়ে নিজৰ পৰিচয় গোপনে ৰাখিবলৈ আন নামেৰে মোবাইলত পাকিস্তানী চৰাডৰ নম্বৰ চেভ কৰি ৰাখিছিল।

আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল জ্যোতি মালহোত্ৰাই কেৱল সামাজিক সভা অনুষ্ঠিত কৰাই নহয় পাকিস্তানী এজেণ্টক ভাৰতৰ সামৰিক ঘাটি আৰু অপাৰেচন সিন্দুৰ সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্যও প্ৰদান কৰিছিল। তদন্তত এই কথাও পোহৰলৈ আহিছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সামৰিক প্ৰস্তুতিৰ বিষয়ে পাকিস্তানী পক্ষক অৱগত কৰিছিল।

তদন্তকাৰী সংস্থাসমূহে জ্যোতিৰ ডিভাইচ, ছ’চিয়েল মিডিয়া একাউণ্ট আৰু কল ৰেকৰ্ড পৰীক্ষা কৰি স্পষ্ট কৰি দিয়ে যে তেওঁ ডেনিছ আৰু অন্যান্য পাকিস্তানী বিষয়াৰ সৈতে অহৰহ যোগাযোগত আছে। আনকি জ্যোতি মালহোত্ৰাৰ পাকিস্তান ভ্ৰমণৰ খৰচ ডেনিছে বহন কৰিছিল।

Related Articles