ভাৰতীয় জনতা পার্টিৰ প্ৰতিষ্ঠাপক(Kabindra Purkayastha) সদস্য তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থদেৱৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্রী শইকীয়াই কয় যে কবীন্দ্ৰ পুৰকায়স্থদেৱৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। তেখেত আছিল এজন প্রকৃত জনসেৱক। পুৰকায়স্থদেৱক দেশ আৰু ভাৰতীয় জনতা পাৰ্টিৰ হকে আত্মনিয়োগ কৰা এজন সমর্পিত কার্যকর্তা বুলি অভিহিত কৰি শ্ৰী শইকীয়াই কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ প্রতিষ্ঠা কালৰে পৰা ৰাজ্যখনত দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা আমাৰ সকলোৰে মাৰ্গদর্শক পৰম শ্রদ্ধেয় কবীন্দ্ৰ পুৰকায়স্থদেৱৰ দেহাৱসানৰ বাতৰিয়ে বিজেপি পৰিয়ালৰ সকলোকে শোকবিহ্বল কৰি তুলিছে। কিছুদিন পূর্বে পুৰকায়স্থদেৱৰ বাসগৃহলৈ গৈ স্বাস্থ্যৰ খবৰ লোৱা সভাপতি শইকীয়াই কয় যে তেখেত দলৰ প্ৰতি থকা দায়বদ্ধতাৰ এক উজ্জল উদাহৰণ আছিল। এজন স্থিতপ্রজ্ঞ ৰাজনীতিবিদ আৰু জনতাৰ সেৱক হিচাপে পুৰকায়স্থদেৱ ডাঙৰীয়াই অসমৰ ৰাজনীতিত সুচিতাৰে ৰাজনীতি কৰা সকলৰ ভিতৰত সন্মান অর্জন কৰিছিল। ৰাষ্ট্ৰবাদী চেতনা যাৰ জীৱনৰ মন্ত্ৰ আছিল আৰু জনতাৰ সেৱাই যিজনৰ সংকল্প আছিল, তেনেকুৱা আমাৰ অভিভাৱক স্বৰূপ পুৰকায়স্থদের সম্প্রতি অৱৰ্তমান। তেখেতৰ মৃত্যু আমাৰ ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি।
শইকীয়াই পুনৰ কয় যে, পুৰকায়স্থদেৱে কেন্দ্রীয় মন্ত্রী হিচাপে দল আৰু দেশৰ প্ৰতি এক সমর্পিত মনোভাৱেৰে কাম কৰি গ’ল। তেখেত কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে উত্তৰ পূৱত দূৰসংযোগ ব্যৱস্থাই এক মাত্রা লাভকৰিছিল। দক্ষিণ অসমৰ বৰাক উপত্যকাত দলটোৰ ভেটি মজবুত কৰাত তেখেতৰ ভূমিকা চিৰস্মৰণীয় হৈ ৰ’ব। ১৯৯১ চনত বৰাক উপত্যকাত বিজেপি দলৰ সফলতাৰ আৰৰ অন্যতম ব্যক্তিজন আছিল পুৰকায়স্থদের। যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত সক্ৰিয় ৰাজনীতিৰ পৰা আতৰি থকা স্বত্বেও আমি যেতিয়াই তেখেতৰ পৰামৰ্শ বিচাৰিছিলোঁ তেতিয়াই তেখেতৰ পৰা ৰাজ্যখনৰ পৰিস্থিতি সন্দর্ভত আমি মার্গদর্শন পাইছিলোঁ। এই পৰামৰ্শই আমাক অনুপ্রাণিত কৰিছিল। নিয়তিৰ পৰিহাস যে আজি তেখেত আমাৰ মাজৰ পৰা কায়িক ভাৱে বিদায় ললে। তেখেতৰ পূন্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধলৈ সমবেদনা জনালোঁ।

