Kakali Das: উত্তৰ প্ৰদেশৰ Amity Universityৰ দ্বাৰা আয়োজিত ৩৮ তম AIU আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল নলবাৰীৰ যুৱতী

উত্তৰ প্ৰদেশৰ Amity University ৰ দ্বাৰা আয়োজিত ৩৮ তম্ AIU আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত উজলিল নলবাৰীৰ কাকলি দাস।(Kakali Das)

উত্তৰ প্ৰদেশৰ Amity University ৰ দ্বাৰা আয়োজিত ৩৮ তম AIU আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত একক শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ছাত্ৰী কাকলি দাসে দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। (nalbari)

কাকলি দাসক সংগত কৰিছিল-বিশ্বজিৎ বৰদলৈ (খোল), পূৰ্ণাহুতি দাস (গীত), আৰু কামান গগৈ য়ে (ভায়োলিন)। সমগ্ৰ দলটিৰ নেতৃত্ব দিছিল কুমুদ গগৈ আৰু নীতা দেৱীয়ে। লগতে জনাও যে ৬ জনীয়া এই দলটিয়ে সাংস্কৃতিক শোভাযাত্ৰাতো দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম‌ হয়।

Related Articles