তিনিচুকীয়া জিলা(Kakapather News)কাকপথাৰ অঞ্চলৰ কুলিবিল গাঁৱত ২২ জন মৃত্ৰকৰ আদ্য শ্ৰাদ্ধ। অসমৰ ভুমি পুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে পূৰ্ব্ব পৰাই মৃত্যু হোৱা লোকসকলৰ একেলগে আদ্য শ্ৰাদ্ধ পাতি আহিছে। মৰাণ সমাজৰ গাঁও সমূহত দুই তিনি বছৰ মূৰত ৰাইজে একত্ৰিত হৈ মৃত্যু হোৱা লোকসকলৰ একেলগে আদ্য শ্ৰাদ্ধ পাতি অহা দেখিবলৈ পোৱা যায়।
ঠিক তেনেদৰে পূৰ্ব নীতি অনুসৰি কাকপথাৰ অঞ্চলৰ কুলিবিল গাঁৱত অহা ২৮ জানুৱাৰী ২০২৬ তাৰিখে দিনৰ ভাগত দহা নিশালৈ কাজ আয়োজন কৰিছে।(দহা- কাজ) বা আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধ লৈ সকলো ৰাইজক নিমন্ত্ৰণ জনাইছে।।

