Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন

ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে(Kakopathar News)কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত গুৱাহাটীত অনুষ্ঠাত সদৌ অসম আন্ত জিলা মাষ্টাৰ্চ প্ৰতিযোগিতাত এই সফলতা৷ কাকপথাৰত বিভিন্ন দল সংগঠনৰ সম্বৰ্দ্ধনা৷

মনত অদম্য সাহস আৰু প্ৰৱল ইচ্ছাশক্তি থাকিলে যিকোনো অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰি, তাকে প্ৰমাণ কৰিলে এগৰাকী যুৱকে৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত কামৰূপ গ্ৰাম্য পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ উদ্যোগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা ত্ৰয়োদশ সদৌ অসম আন্তঃ জিলা মাষ্টাৰ্চ পুৰুষ মহিলা ক্লাচিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ ২০২৪-২৫ ত কাকপথাৰ এচ কে এম ফিটনেক্স ক্লাব ইউনিচেক্স জ্যীমৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়ায়।


৫৯ কেটেগৰীত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় কাকপথাৰৰ যুৱক হিৰুজ শইকীয়াই৷ ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰে কাকপথাৰ SKM UNISEX শৰীৰ চৰ্চা কেন্দ্ৰৰ সদস্য সকলৰ লগতে কাকপথাৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ৷ যুৱক জনক SKM UNISEX শৰীৰ চৰ্চা কেন্দ্ৰত বিভিন্ন দল সংগঠনৰ লগতে শৰীৰ চৰ্চা কেন্দ্ৰটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ যু্ৱক হিৰুজ শইকীয়াই সোনৰ পদক অৰ্জন কৰি কাকপথাৰ তথা জিলা খনলৈ গৌৰৱ কঢিয়াই আনিছে৷ ইয়াৰ পিছতে তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে এতিয়া প্ৰস্তুতি আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে।

Related Articles