২৪ মে’, কলিয়াবৰ :kaliabor । “ছাত্ৰ- ছাত্ৰীসকলে বিদ্যা অৰ্জনত অধিক গুৰুত্ব দিব লাগে। কিয়নো বিদ্যাই পৰম ধন।” কলিয়াবৰত আজি এই মন্তব্য কৰে বিশিষ্ট কবি তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে।
কলিয়াবৰৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যী অতীতৰ জ্ঞান অৰ্জনৰ প্ৰসঙ্গৰে বিদ্যা অৰ্জনৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰবীন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে সমজিলা আযুক্ত ৰাজ বৰুৱাই।

বৰুৱাই বৰ্তমান সময়ৰ লগত খাপ খোৱাই নিজকে প্ৰস্তুত কৰি ন-ন উদ্ভাৱনী প্ৰক্ৰিয়াৰ দ্বাৰা অনাগত দিনত মানৱ সম্পদ ৰূপে গঢ় দিবলৈ উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ দলিত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকল আহ্বান জনায়। তাৰ বাবে হাতত থকা ম’বাইল ফোনটো সততাৰে এক উপযুক্ত সমল হিচাপে ব্যৱহাৰ কৰিব পাৰি বুলিও কয়। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, সম্পাদক মোহন শইকীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱীন বৰঠাকুৰ, প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা, বিদ্যালয়ৰ অধ্যক্ষা ৰাণু শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসহ গণ্য-মান্য ব্যক্তিয়ে অংশ লোৱা সভাখনিত শিক্ষাবিদ ৰেৱন চন্দ্ৰ নাথ স্মৃতি ন্যাস বঁটা প্ৰদান কৰা হয় কলিয়াবৰ সমজিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী স্বীকৃতি বৰা (চেন্ট ৰবাৰ্টছ স্কুল), সুস্মিতা ভূঞা স্মৃতি ন্যাসৰ বঁটা প্ৰদান কৰা হয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰ হেমন্ত ভাগৱতী আৰু বিদ্যালয়ৰে সমজিলাৰ উচ্চতৰ মাধ্যমিকৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী হিমাশ্ৰী পাঠকক বিদ্যালয়খনৰ ৰেক্টৰ তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই আগবঢ়োৱা নগদ মাননিৰ বিশেষ বঁটাৰে অভিনন্দন জনোৱা হয। সভাত বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰী মুঠ ৬১ গৰাকী আৰু প্ৰথম বাৰ অৱতীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ ৩৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয। শিক্ষক, ছাত্ৰ, অভিভাৱকে অংশ লোৱা সভাখনিত উদীয়মান গায়ক জিষ্ণুব্ৰত শইকীয়া আৰু শিক্ষক হিমন্ত গোস্বামীয়ে গীত পৰিৱেশন কৰি শ্ৰোতাক বাৰুকৈ মুগ্ধ কৰে। সমবেত সংগীতে আৰম্ভ হোৱা সভাখনিৰ বিভিন্ন কাৰ্যক্ৰমনিকাৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক দেৱাশিস গোস্বামী আৰু শঙ্কৰ বৰঠাকুৰে।