১৯ জুন, কলিয়াবৰ :kaliabor । বিলাই ল’লে কলিয়াবৰৰ সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ চিৰপৰিচিত আদৰৰ ভাবিদাই। কলিয়াবৰৰ মঞ্চ নাটক আৰু ভাওনাৰ বৰ্ষীয়ান শিল্পী, ক্ৰীড়াবিদ তথা বিশিষ্ট সমাজকৰ্মী ভাবি শইকীয়াৰ আজি বিয়লি ২ বজাত জন্ম স্থান আখিৰঙা গাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটে। তেখেতৰ মৃত্যুত সমগ্র কলিয়াবৰতে গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫বছৰ।

আখিৰঙা গাঁৱৰ প্রয়াত খুনাই শইকীয়াৰ ঔৰসত আৰু মাতৃ প্রয়াত কণমাই শইকীয়াৰ গৰ্ভত ১৯৩২ চনৰ এপ্রিল মাহৰ ২৬ তাৰিখে জন্ম গ্ৰহণ কৰা শইকীয়াই পৰবৰ্তী সময়ত নাট্যাভিনয়ৰ প্ৰতি আকৃষ্ট হৈ মঞ্চ নাট আৰু ভাওনাৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণেৰে সমাদৃত হৈছিল। ইয়াৰ লগে-লগে তেওঁ কেইবাজনো সমনীয়াৰ লগ লাগি এটা নাট্য চৰ্চাৰ গঠনৰ অচিলাৰে হাটবৰত ১৯৫৩ চনত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ নামেৰে এটি অনুষ্ঠানৰ জন্ম দিছিল। যিটো আজিও হাটবৰত জিলিকি আছে। কলিয়াবৰত নাট্য আন্দোলনৰ বাটকটীয়া ৰূপে চিহ্নিত হোৱা শইকীয়াই পৰবৰ্তী ২০০০ চনত কলিয়াবৰৰ হেৰাই যাবলৈ ধৰা ঐতিহাসিক হাজাৰী ভাওনাক সমুখৰ পৰা নেতৃত্ব লৈ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ তৰফৰ পৰা পুনৰ মহাআড়ম্বৰেৰে হাজাৰী ভাওনা আয়োজন কৰি সমাদৃত হৈছিল। ভালেকেইখন বুৰঞ্জীমূলক আৰু সামাজিক নাটকত বলিষ্ঠ অভিনয়ৰ উপৰি নিজে নাট পৰিচালনাৰে নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। তেওঁ ৰাস আৰু অংকীয়া নাট ভাওনাৰো এজন নিপুণ শিল্পী আছিল।

অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰা শইকীয়াক অসম নাট্য সন্মিলন প্ৰমূখ্যে কলিয়াবৰ তথা অসমৰ অসমৰ বিভিন্ন অনুষ্ঠানে সম্বৰ্দ্ধনা জনাই আহিছে। নিজ বাসগৃহতে বাৰ্দ্ধক্যজনিত কাৰণত আজি শেষ নিঃশ্বাস ত্যাগ কৰাত নিজ অঞ্চলটোৰ লগতে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ, হাটবৰ হাজাৰ সমিতিকে প্ৰমূখ্য কৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
ইফালে আজি শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শইকীয়াৰ গৃহত অগনন গুণমগ্ধই ভীৰ কৰে। কলিয়াবৰৰ নাট্য আন্দোলনৰ বাটকটীয়া মহীৰূহ শিল্পী ভাবি শইকীয়াৰ মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন তেওঁৰ ঘৰত উপস্থিত হয় কলিয়াবৰৰ প্ৰাক্তন মন্ত্রী গুণীন হাজৰিকা, প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ হাজৰিকা, প্ৰশান্ত কুমাৰ শইকীয়া, ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, নৃপেন হাজৰিকা, নাৰায়ন ভূঞা, হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ প্ৰদীপ গায়ন, মুৰুলী বৰা, অসম গণ পৰিষদৰ পৰা মৃদুল হাজৰিকা, দিলীপ হাজৰিকা, প্ৰদীপ বৰা, হাটবৰ হাজাৰ সমিতিৰ নৰেণ বৰা,বিপুল বৰা,প্ৰনৱ বৰা, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ নামধর্ম সমাজৰ হৈ তৰুণ বৰা, কলিয়াবৰ প্ৰেছ ক্লাৱহৈ তৰুণ মুক্তিয়াৰ, গৌতম কুমাৰ বৰা, অমূল্য বৰাকে প্ৰমুখ্য কৰি অগনন গুণ মুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শইকীয়াই পত্নী, পুত্ৰ সংগীত শিল্পী নয়নজ্যোতি শইকীয়া আৰু এগৰাকী বিবাহিত কন্যা ইহ সংসাৰত এৰি থৈ গৈছে।