Kaliabor: কলিয়াবৰত মটৰচাইকেলসহ যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, কলিয়াবৰঃ Kaliabor নিশা কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত বাঘৰচুক গাঁৱত এক ৰহস্যজনক ঘটনাৰ প্ৰকাশ পায়। এখন মটৰচাইকেলসহ উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। মৃতদেহটো গাঁতত বাইকসহ হেঁচা মাৰি ৰখা অৱস্থাত পোৱা যায়, যি দৃশ্য সন্দেহজনক বুলি স্থানীয়সকলে মন্তব্য কৰে।

মৃত যুৱকজনক চিনাক্ত কৰা হৈছে বালিটিকা গাঁৱৰ বাসিন্দা মিন্টু বৰা হিচাপে। ঘটনাৰ খবৰ পায় শিলঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে মিন্টু বৰাক মৃত ঘোষণা কৰে।

উদ্ধাৰ হোৱা বাইকখনৰ নম্বৰ আছিল AS 12 L 1867।
মৃতৰ পৰিয়ালৰ দাবী অনুসৰি, ই এটা সাজি কৰা হত্যাকাণ্ড। তেওঁলোকে অভিযোগ কৰিছে যে, যুৱকজনৰ ডিঙি আৰু কপালত গভীৰ আঘাতৰ চিন পোৱা গৈছে।

সচেতন মহলে গাঁওখনত অব্যাহতভাৱে চলি থকা মুকলি মদৰ বেহাৰ ওপৰত সন্দেহ উত্থাপন কৰিছে আৰু ঘটনাটোৰ সঁচা তদন্তৰ দাবী জনাইছে।

Related Articles