নগাঁও : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ, অসমৰ ২০২১ ৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক দ্বি-বাৰ্ষিক অধিবেশন বাতিল কৰা হৈছে। আজি নগাঁৱত সমাজৰ প্ৰধান সম্পাদক শ্ৰীমন্ত ভূঞাই জানিবলৈ দিয়ে যে কৰ’না সৃষ্ট পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমাজৰ তেজপুৰ আঞ্চলিকৰ বৰডুবিয়া শাখা কীৰ্তনগৃহত ৰাজ্যিক সভাপতি দীনেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক অধিবেশনৰ লগতে আঞ্চলিক আৰু জিলা সমূহৰ অধিবেশনো স্থগিত ৰখা হৈছে। সময় সাপেক্ষে বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি অধিবেশনৰ পৰৱৰ্তী তাৰিখ আৰু কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

