Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

কলিয়াবৰৰ অগ্ৰণী অনুষ্ঠান (Kaliabor News) ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা শীৰ্ষক এক ব্যতিক্ৰমী কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে৷ চৌদিশ অভিনয়, গীত, নৃত্য আদিৰ কৰ্মশালা চলি থকাৰ সময়তে এই অনুষ্ঠানটোৱে সমাজৰ বাবে নাট্য সৃষ্টি কৰিব পৰা এমুঠি নাট্যকাৰক আগুৱাই অনাৰ প্ৰয়াসেৰে এই কৰ্মশালাখনিৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে অনুষ্ঠানটোৰ সভাপতি নৃপেন চন্দ্ৰ কেওঁটে৷

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীত নাট্য সৃষ্টিৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ আগশাৰীৰ নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ নেতৃত্বত নাট্যকাৰ পৰিচালক মহেন্দ্ৰ কাকতি, নৃপেন চন্দ্ৰ কেওঁটে এই কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক নাটক লেখন, চৰিত্ৰ সৃষ্টি, সংলাপ, পৰিৱেশ সৃষ্টিকে ধৰি বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ অনুষ্ঠানটোৰ সম্পাদক ভৱেন বৰুৱাৰ লগতে জয়ন্ত কুমাৰ শৰ্মাই আঁতধৰা কৰ্মশালাৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানটিত

উপস্থিত থাকে নাট্যকৰ্মী তথা অভিনেতা মৃদুল হাজৰিকা, প্ৰশান্ত প্ৰতীম হাজৰিকা, ৰূপজ্যোতি গোস্বামী, ধনবৰ ভূঞা, অংকুৰ হাজাৰীকে ধৰি বহুকেইগৰাকী ব্যক্তি৷ কুঁৱৰীটোলস্থিত কলিয়াবৰ শাখা সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত কৰ্মশালাখনিৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

Related Articles