বিশ্বত এক সুস্থ পৰিৱেশ বৰ্তাই ৰাখিবলৈ ১৯৭৩ চনৰ(Kaliabor News)পৰাই নিৰবাচ্ছিন্নভাৱে চেষ্টা চলি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো কলিয়াবৰ সমজিলা প্ৰশাসনৰ সৌজন্যত কামাখ্যা গাঁৱতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।
বিগত প্ৰায় তিনিটা দশক ধৰি অঞ্চলটোত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ চৰকাৰী ভূমিত বৃক্ষৰোপণ কৰাৰ পৰিকল্পনা হাতত লৈছে কলিয়াবৰ সমজিলা প্ৰশাসনে। নগাঁও বন বিভাগৰ ব্যৱস্থাপনাত কলিয়াবৰ সমজিলা প্ৰশাসনে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত ২ বিঘা চৰকাৰী ভূমিত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে।
অঞ্চলটোৰ দুখীয়া লোক সকলে খৰি কাটিবৰ বাবে পাহাৰলৈ যাব লগা নহয়। কিয়নো খৰি বিচাৰি পাহাৰলৈ যোৱা কেইবাজনো লোকে ইতিমধ্যে বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বহু কেইজন লোকে বন্যপ্ৰাণীৰ আক্ৰমণত আহত হৈ জীৱন অতিবাহিত কৰি আছে।
আজিৰ এই বিশ্ব পৰিবেশ দিৱসত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকা, নগাঁও জিলা বন সংমণ্ডল বিষয়া সুহাশ কদম কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত থাকে।
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত “নদীৰ অসুখ” শীৰ্ষক বাটৰ নাট খনি পৰিবেশন কৰা হয়।