এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশত(Kalingapariya Shakha Sahitya Sabha) দেওবাৰে বিয়লি সাহিত্যৰ সুবাস বুটলিবলৈ সমবেত হ’ল অজস্ৰ সাহিত্যানুৰাগী। নগাঁও চহৰৰ নিকটৱৰ্তী গোমোঠাগাঁওস্থিত “কৰণ-কৰিণা” ভৱন প্ৰাংগণত তথা এটি প্ৰকৃতিপ্ৰেমী পৰিয়ালৰ অশেষ শ্ৰমৰ বিনিময়ত গঢ় লৈ উঠা বিভিন্ন প্ৰজাতিৰ গছ-গছনি, ফুলেৰে সুশোভিত এখনি সেউজ বাগিচাৰ মাজত অনুষ্ঠিত হয় এক বিশেষ সাহিত্যানুষ্ঠান। দৰাচলতে, এয়া আছিল ‘অসম সাহিত্য সভা’ৰ অন্যতম সক্ৰিয় শাখা ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত ‘সাঁকো আলোচনা চক্ৰ’ৰ ব্যৱস্থাপনাত প্ৰতি ইংৰাজী মাহৰ শেষৰ দেওবাৰে অনুষ্ঠিত হৈ অহাৰ দৰে এইখন আছিল ২৭ সংখ্যক বৈঠক।
‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উপ-সভাপতি কিৰণ নেওগৰ বাসগৃহ প্ৰাংগণত পৰিয়ালবৰ্গৰ আতিথ্যত অনুষ্ঠিত “সাহিত্যৰ মৌপান চোতালে চোতালে” শীৰ্ষক এই বিশেষ সাহিত্যানুষ্ঠানত সাহিত্যপ্ৰেমী সকলৰ উৎসাহ-উদ্দীপনা আছিল লক্ষণীয়। অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী দয়াৰাম কলিতাই এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰা এই অনুষ্ঠানটো সঞ্চালনা কৰে ‘সাঁকো আলোচনা চক্ৰ’ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিন্টু দাসে। ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ যুটীয়া সম্পাদক জয়ন্ত বৰাই আঁত ধৰা বহুমুখী প্ৰতিভা বিকাশ প্ৰদৰ্শনৰ এখনি মঞ্চস্বৰূপ এই অনুষ্ঠানত শাখাৰ সভাপতি গোলাপ বৰা, শাখাৰ প্ৰাক্তন সভাপতিদ্বয় সত্যপ্ৰসাদ শৰ্মা, থুলেশ্বৰ বৰা, অৱসৰপ্রাপ্ত বিষয় শিক্ষক পুতুল শৰ্মা, সমাজকৰ্মী দয়াৰাম কলিতা আদিয়ে মঞ্চ শুৱনি কৰা এই অনুষ্ঠানত ‘ৰাধা’, ‘নিৰিবিলি’, ‘সৰাফুল’ আদি উপন্যাস ৰচনাৰে নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰা কৌশিক নন্দন বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ গোস্বামী, অধ্যক্ষ মাধুৰ্য কমল হাজৰিকা, বিহুশিল্পী ৰিতু গোস্বামী, সমাজকৰ্মী বিভূতি প্ৰতীক ভট্টাচাৰ্য, সাহিত্যকৰ্মী প্ৰদীপ শইকীয়া, অৱসৰপ্রাপ্ত শিক্ষক পুনিৰাম শইকীয়া প্ৰমুখ্যে কেইবাগৰাকী গণ্য-মান্য ব্যক্তিক আদৰণি জনোৱা হয়।
কৰিণা নেওগৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে মুকলি হোৱা এই অনুষ্ঠানত লেখিকা অৰুণিমা বৰা, নিজৰা শইকীয়াই এটাকৈ প্ৰৱন্ধ পাঠ, প্ৰদীপ শইকীয়া, ৰূপক বৰা, মামণি শৰ্মা ভট্টাচাৰ্য, তৃপ্তি ৰেখা কাকতি, দীপিকা বৰা, নীলাক্ষী কাকতি বৰা, কৌশিক নন্দন বৰা, গোলাপ বৰা (ধন), ময়ূৰ কুমাৰ বৰা, কুমুদ চন্দ্ৰ বৰা, প্ৰতিভা ভাগৱতী, দিপালী দেৱী, ৰূবী বৰা, স্মৃতা শইকীয়া, পৰ্ণা বশিষ্ঠ, জুৰণি প্ৰিয়া বৰা, জীৱন বৰা, দিয়া নেওগ, কল্পিতা শইকীয়া প্ৰমুখ্যে একুৰিৰো অধিক কবিয়ে কবিতা পাঠেৰে সাহিত্যৰ সুবাস বিলায়। সেইদৰে হৰ্ষিল গায়ন, বৰ্ষা জ্যোতি, সুকন্যা শইকীয়া, দৃষ্টিশিখা শইকীয়া, সংগীতা বৰা আদিয়ে কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলা পৰিৱেশটো নৃত্য পটিয়সী সংগীতা বৰাই নৃত্য পৰিৱেশন, বৰ্ষীয়ান মহিলা তথা গায়িকা তগৰ গোস্বামী, লেখিকা-গায়িকা জেউতি হাজৰিকা, লোচন প্ৰিয়াই এটিকৈ গীত পৰিৱেশনেৰে অধিক উজ্জীৱিত কৰি তোলে।
অনুষ্ঠানৰ মাজতে বিশিষ্ট নাট্যশিল্পী কমলেশ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰাৰ মাজতে নাটকীয় সংলাপ প্ৰক্ষেপন কৰি আৰু ভাস্বত প্ৰতীম শইকীয়াই যোগাসন প্ৰদৰ্শনেৰে এক অনন্য মাত্ৰা প্ৰদান কৰে। সাহিত্যৰ সাধক ক্ৰমে বিৰিঞ্চি বৰা, নয়ন জ্যোতি নেওগ, ৰমেশ ভৰালী, অজিত শৰ্মা, অমিয়া গোস্বামী, পৰী নেওগ, মিনা বৰুৱা, জয় নেওগ, সোনমণি বৰা, মিত্ৰ কমল বৰা, দিলীপ শইকীয়া, অৰূপ বৰা, অকান্তি বৰা, সাংবাদিক ক্ৰমে নিপুল বৰা, বৰুণ জ্যোতি নেওগ, ৰিতু নেওগ, হিমাংশু বৰা প্ৰমুখ্যে যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে এখনি সুন্দৰ কেনভাছ অংকন কৰি প্ৰদৰ্শন কৰে বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিত শইকীয়াই।
উল্লেখ্য যে ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ সম্পাদক দীপাংকৰ ভূঞা আৰু ‘সাঁকো আলোচনা চক্ৰ’ৰ সম্পাদক বসন্ত কৌশিক ভাগৱতীৰ বিশেষ সহযোগিতাত অনুষ্ঠিত এই অনুষ্ঠানৰ মাজতে শাখাৰ এটি দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ উদ্দেশ্যে শাখালৈ এটি শব্দযন্ত্ৰ আগবঢ়াই কৃতাৰ্থ কৰাৰ বাবে কিৰণ নেওগক শাখাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ মাজতে কিৰণ নেওগৰ একমাত্ৰ পুত্ৰ তথা মেধাবী ছাত্র, প্ৰতিভাবান খেলুৱৈ, সংস্কৃতিবান যুৱক কৰণ নেওগৰ অকাল বিয়োগত সভাই শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনা জনায়।