টুকুৰা-টুকুৰ কৰি পেলাম পাকিস্তানকঃ কলকাতা সন্দৰ্ভত পাক্ প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাবুকিৰ পিছত ৰাজনাথ সিঙৰ হুংকাৰ

‘পাকিস্তানক টুকুৰা-টুকুৰ কৰি পেলাম’৷ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক এনেদৰে সকীয়াই দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে এনেদৰে কঠোৰ সতৰ্কবাণী দিয়ে৷ মঙলবাৰে পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি তেওঁ দেশখনৰ উচটনিমূলক বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে কৈছিল যে, ‘যদি ভাৰতে এইবাৰ মিছা অজুহাতত পাকিস্তানক আক্ৰমণ কৰিবলৈ সাহস কৰে, তেন্তে আক্ৰমণ কলকাতালৈকে বিস্তৃত হ’ব৷’ পাক্‌ মন্ত্ৰীগৰাকীৰ এনে বক্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাজনাথ সিঙে তীব্ৰ প্ৰত্যুত্তৰ দিয়ে৷ পাকিস্তানৰ ইতিহাসৰ আধাৰত তেওঁ মন্তব্য কৰে যে, ‘পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এনে উত্তেজক বক্তব্য দিয়া উচিত নাছিল৷ প্ৰায় ৫৫ বছৰ আগতে তেওঁলোকে নিজৰ কাৰ্যৰ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেই সময়ত পাকিস্তান দুটা ভাগত বিভক্ত হৈছিল৷’ ইয়াৰ পিছত আৰু অধিক কঠোৰ সতৰ্কবাণী জাৰি কৰি ৰাজনাথে কয়– ‘যদি তেওঁলোকে বংগৰ ওপৰত চকু দিয়ে, তেন্তে এইবাৰ পাকিস্তান কিমান টুকুৰাত ছিন্ন-ভিন্ন হ’ব সেয়া কেৱল ভগৱানেহে জানে৷’ উল্লেখ্য যে খাজা আছিফে দৃঢ়তাৰে কৈছিল, ‘যদি ভাৰতে আমাৰ দেশত অনুপ্ৰৱেশ কৰি কাৰোবাক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰে, তেন্তে আমি আৰু মৌন হৈ নাথাকিম৷ আমাৰো ভাৰতৰ ভূখণ্ডত প্ৰৱেশ আক্ৰমণ কৰাৰ ক্ষমতা আছে৷’ আছিফে লগতে দাবী কৰিছিল যে ভাৰতে মিছা অজুহাতত আক্ৰমণ সংঘটিত কৰে আৰু সমগ্ৰ ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি চিত্ৰিত কৰাৰ চেষ্টা কৰে৷ কিন্তু এই দাবীসমূহৰ তেওঁ কোনো প্ৰমাণ দিব নোৱাৰিলে৷ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘যদি ভাৰতে সঁচাকৈয়ে এনে পৰিকল্পনা ৰচনা কৰিছে তেন্তে তেওঁলোকে যোৱা বছৰ যি অপমানৰ সন্মুখীন হৈছিল তাতোকৈ বহু বেছি অপমানৰ সন্মুখীন হ’ব৷ এইবাৰ যুদ্ধ ২০০১ পৰা ২৫০ কিলোমিটাৰ দূৰত্বত সীমাবদ্ধ নাথাকিব, আমি ভাৰতৰ ভূখণ্ডত সোমাই তেওঁলোকৰ নিজৰ ক্ষেত্ৰৰ গভীৰতাত আক্ৰমণ চলাম৷’ উল্লেখ্য, ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায়৷ চ্ছজন পৰ্যটকৰ মৃত্যুৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে প্ৰতিশোধমূলক আক্ৰমণ চলাই ভাৰতে সমগ্ৰ পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ নটা ঘাটি ধবংস কৰে৷ দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান সংঘাতৰ মাজতে দেশৰ কেইবাখনো চহৰত ব্লেক আউট আৰু হাই এলাৰ্ট জাৰি কৰা হৈছিল৷ অৱশেষত ১০ মে’ত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰে৷ কিন্তু যুদ্ধবিৰতি ঘোষণাৰ পিছতো ভাৰতীয় সেনাই পাক্‌ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ পেহেলগাম কাণ্ডৰ পিছত যোৱা বছৰৰ জুলাই মাহত সেনাই ‘অপাৰেচন মহাদেৱ’ আৰম্ভ কৰিছিল আৰু পেহেলগাম আক্ৰমণৰ সৈতে জড়িত বুলি সন্দেহ কৰা তিনিজন উগ্ৰপন্থীক নিৰ্মূল কৰিছিল৷

Related Articles