শিলবৰী ওৰাং সংযোগী পথত ভাঙিল কালভাট ! যাতায়ত ব্যৱস্থা বন্ধৰ পথতত…

দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত শিলবৰী-ওৰাং সংযোগী পথে বহুদিন ধৰি নৰক যান্ত্ৰনাত ভূগাইছে পথচাৰিক। শিলবৰী বজাৰৰ পৰা ধেনুগুৰী তিনিআলী লৈ প্ৰায় এক কিলোমিটাৰ পথ বহুদিন ধৰি যাতায়ত অচল অৱস্থা হৈ আছে যদিও নৰক যন্ত্ৰনাত ভূগি দৈনিক প্ৰায় সহস্ৰাধিক সৰু বৰ গাড়ী অহা-যোৱা কৰিছে। কাৰণ পথছোৱা হৈছে দলগাওঁৰ পৰা নৱ নিৰ্মিত অসমমাঁলা পথেদি শিলবৰী বজাৰ হৈ ওৰাং,তেজপুৰলৈ যাবলৈ প্ৰায় বাৰ কিলোমিটাৰ পথ কম হোৱাৰ বাবে আজি কালি সৰু-ডাঙৰ ব্যক্তিগত বাহন,ট্ৰাক আদিয়ে এই পথছোৱাক বাচি লয়।যোৱা কালি ৰাতি শিলবৰী আৰু ধেনুগুৰীৰ মাজত থকা কালভাট খনৰ প্ৰায় আধা অংশ ভাঙি যায়।

যাৰ ফলস্বৰুপে যাতায়ত ব্যৱস্থাত বৰ কৈ ব্যাঘাত জন্মিছে।পথছোৱাত বহুদিন ধৰি দৈনিক সৰু-সুৰা দূৰ্ঘটনা সংঘটিত হৈ আছে।এই পথ খিনিৰ মেৰামতিক লৈ স্থানীয় ৰাইজ,দল-সংগঠনে বহু বাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কান-সাৰ নাই লোকনিৰ্মান বিভাগৰ। কেতিয়াবা ভাঙা ঠাইত বেৰ দি,নামমাত্ৰ বালি পেলাইয়েই দায়িত্ব এৰা দিয়ে।

উল্লেখযোগ্য বিষয় হ’ল যে দৈনিক এই পথেদি চাৰি/পাচঁখন বিদ্যালয়, মহাবিদ্যালয়ৰ তিনি সহশ্ৰাধিক ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে আৰু তেজপুৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অহা মূলপথ। স্থানীয় সচেতন ৰাইজক আৰু যুৱক সকলে পথ পথছোৱাক লৈ চিন্তা প্ৰকাশ কৰিছে যে যিকোনো সময়ত হয়তো ডাঙৰ দূৰ্ঘটনা সংঘটিত হব পাৰে। সেই বাবে অতি সোনকালে শিলবৰী বজাৰৰ পৰা ধেনুগুৰী লৈ পথ খিনি মেৰামতিৰ দাবীৰ লগতে অনুৰোধ জনাইছে চৰকাৰ তথা লোকনিৰ্মান বিভাগক।

Related Articles