Kamakhya Ropeway: উচ্চ ন্যায়ালয়ৰ অনুমতি, পুনৰ আৰম্ভ হ’ব কামাখ্যা ৰ’পৱেৰ কাম

দীৰ্ঘদিন ধৰি আইনী (Kamakhya Ropeway) জটিলতাৰ বাবে স্থগিত হৈ থকা মা কামাখ্যা মন্দিৰ এক্সেছ কৰিডৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অচিৰেই পুনৰ আৰম্ভ কৰা হ’ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰকল্পৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাৰ পিছত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে আইনী প্ৰক্ৰিয়াৰ বাবে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো কিছুদিন ধৰি বন্ধ হৈ আছিল। কিন্তু উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক কামাখ্যা মন্দিৰত এক্সেছ কৰিডৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ ফলত এতিয়া এই প্ৰকল্পৰ কাম আগবঢ়াই নিয়া সম্ভৱ হৈছে।


উল্লেখযোগ্য যে, ফেব্ৰুৱাৰী ১৩ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই প্ৰকল্পৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) আৰু এখন ৰিট আবেদন নিষ্পত্তি কৰে। আবেদনখনত প্ৰকল্পটোৰ সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী কৰাৰ লগতে ১৯৫৮ চনৰ প্ৰাচীন স্মাৰক আৰু প্ৰত্নতাত্ত্বিক স্থান আৰু অৱশেষ আইন উলংঘনৰ আশংকা প্ৰকাশ কৰা হৈছিল। লগতে এই প্ৰকল্পৰ ফলত মন্দিৰৰ মূল গাঁথনি, পবিত্ৰ ভূগৰ্ভস্থ জলধাৰা আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰা হৈছিল। কিন্তু আদালতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে প্ৰকল্পটোৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ পৰা প্ৰয়োজনীয় সকলো অনুমতি লাভ কৰিছে। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিবে দাখিল কৰা এখন হলফনামাত উল্লেখ কৰা হৈছিল যে, এই প্ৰকল্পটো প্ৰধানমন্ত্ৰীৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট (PM-DevINE) আঁচনিৰ অধীনত ৰূপায়ণ কৰা হৈছে।

হলফনামাত আৰু উল্লেখ কৰা হৈছে যে অপৰিকল্পিত আৱাসিক আৰু ব্যৱসায়িক নিৰ্মাণৰ ফলত সময়ৰ সৈতে মন্দিৰৰ সন্মুখভাগৰ সৌন্দৰ্য আৰু পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। এই কৰিডৰ প্ৰকল্পৰ জৰিয়তে ভক্তসকলৰ বাবে উন্নত সুবিধা, সকলো বতৰতে ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা আৰু মন্দিৰ পৰিসৰৰ সামগ্ৰিক অৱস্থা উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰকল্পটোৰ ফলত ভূগৰ্ভস্থ জলধাৰাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নে নাই সেই বিষয়ে নিশ্চিত হ’বলৈ ৰাজ্য চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) গুৱাহাটীক জলবৈজ্ঞানিক আৰু ভূ-ভৌতিক অধ্যয়ন কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান, ৰুৰ্কীয়েও এই বিষয়ত গৱেষণা সম্পন্ন কৰে।


এই প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে যে এই প্ৰকল্পটো ৰূপায়ণ কৰিলে মন্দিৰৰ প্ৰাচীন গাঁথনি বা পবিত্ৰ ভূগৰ্ভস্থ জলধাৰাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰে। আদালতেও এই প্ৰতিবেদনসমূহৰ ভিত্তিত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আগবঢ়াই নিয়াত কোনো বাধা নাথকা বুলি মন্তব্য কৰে। উচ্চ ন্যায়ালয়ৰ অনুমতি লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰে অহা কেইদিনমানৰ ভিতৰতে কামাখ্যা মন্দিৰ এক্সেছ কৰিডৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

Related Articles