আজি তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত এখনি কামৰূপ জিলা ভিত্তিক কিক্ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ’য়। জানিব পৰা মতে উত্তৰ কামৰূপ জিলা AMATEUR কিক বক্সিং এছোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত হৈছে কিক্ বক্সিং প্ৰতিযোগিতাখনি।এই প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ দুশৰো অধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । আজিৰ এই প্ৰতিযোগিতাত বাচনিকৃত শিক্ষাৰ্থী সকলে পৰবৰ্তী ৰাজ্যিক পৰ্যায়ত অংশ গ্ৰহণৰ সুযোগ লাভ কৰাৰ লগতে এই সমৰকলাৰ যোগেদি যথেষ্ট উপকৃত হোৱাৰ থল আছে বুলিওঁ উল্লেখ কৰে উদ্যোক্তা কমিটিয়ে।আজিৰ এই প্ৰতিযোগিতাত এছোচিয়েচনৰ কাৰ্যকৰ্তা একাংশৰ লগতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰা পৰিলক্ষিত হৈছে।

তদুপৰি বিধায়িকা সুমন হৰিপ্ৰীয়াই অনুষ্ঠানত কিক বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহনৰে দৰ্শকক উৎসাহিত কৰাওঁ পৰ্যবেক্ষিত হৈছে।

