Breaking

বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন ! ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে শুভংকৰ প্ৰতীক, শীৰ্ষ গীত মুকলি, ব্ৰেণ্ড এম্বেচেদৰ নিযুক্তি…

0 21

কামৰূপ জিলাৰ জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আজি আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ নিৰ্বাচনী জিলাৰ নিৰ্বাচনী শুভংকৰ প্ৰতীক ৰূপে পুৰুষ শুভংকৰ প্ৰতীক ‘লুইত’ আৰু মহিলা শুভংকৰ প্ৰতীক ‘কামৰূপা’ৰ শুভ উন্মোচন কৰে। নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কামৰূপ জিলাত আৰম্ভ হোৱা পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP ) কাৰ্যসূচীৰ অধীনত দুষ্প্ৰাপ্য বৰমূৰীয়া কাছৰ আৰ্হিৰে এই শুভংকৰ প্ৰতীক প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত পোৱা দুষ্প্ৰাপ্য এই বৰমূৰীয়া কাছবিধ কামৰূপ জিলাৰ বাবে এক গৌৰৱৰ প্ৰতীক। জিলাখনৰ চহকী ঐতিহ্যৰ তাৎপৰ্য্য বহন কৰা দুষ্প্ৰাপ্য এই বৰমূৰীয়া কাছবিধক আৰ্হি ৰূপে লৈ এই শুভংকৰ কাৰ্টুনিষ্ট প্ৰদীপ নাথে ডিজাইন কৰি উলিয়াইছে।

শুভংকৰ উন্মোচনৰ উপৰি কামৰূপ নিৰ্বাচনী জিলাৰ তৰফৰ পৰা আজি গায়ক কুমাৰ ভবেশ আৰু অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাজকুমাৰ ঠাকুৰীয়াক জিলাখনৰ নিৰ্বাচনী ব্ৰেণ্ড এম্বেছাদৰ ৰূপে নিযুক্তি দিয়া হয়। আজি কামৰূপ জিলা দিৱস উপলক্ষে সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত দিনজোৰা কাৰ্যসূচীতে এই শুভংকৰ উন্মোচন আৰু ব্ৰেণ্ড এম্বেচেদৰৰ নিযুক্তি দিয়া হয়। উল্লেখ্য যে প্ৰতিবছৰে ৩১ মাৰ্চৰ দিনটো কামৰূপ জিলা দিৱস ৰূপে উদযাপন কৰি অহা হৈছে। আজি এই কামৰূপ জিলা দিৱস উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ পুৱাৰ ভাগত সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পচৰীয়াৰ ঐতিহাসিক আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰলৈ এক চাইকেল ৰেলীৰে কৰা হয়। । এই চাইকেল ৰেলীৰ জৰিয়তে পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ (SVEEP) কাৰ্যসূচীৰ অধীনত ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কেও প্ৰচাৰ কৰা হয়। কামৰূপ জিলা দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত আয়োজিত এক মুকলি সভা সম্বোধন কৰি জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে কয় যে কামৰূপ জিলা দিৱসটি প্ৰতিবছৰে জিলাখনৰ গৌৰৱময় ইতিহাস, সংস্কৃতি আৰু ঐতিহ্যৰ তাৎপৰ্যক প্ৰতিফলিত কৰি উদযাপন কৰি অহা হৈছে।

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰ ৰাইজৰ মাজত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে সজাগতা বৃদ্ধি আৰু সকলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেয়েহে জিলা প্ৰশাসনে জিলা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কেইবালানিও SVEEP কাৰ্য্যসূচীৰ জৰিয়তে ভোটাৰক নিজ সাংবিধানিক অধিকাৰ দায়িত্বশীলভাৱে প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰাৰ দিশত উদ্যোগ গ্ৰহণ কৰিছে । জিলা আয়ুক্তগৰাকীয়ে অহা ৭ মে’ত কামৰূপ নিৰ্বাচনী জিলাৰ বাবে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত সকলোকে নিজৰ বহুমূলীয়া ভোটদান সাৱ্যস্ত কৰি গণতান্ত্ৰিক অধিকাৰ উপভোগ কৰিবলৈও আহ্বান জনায়। অনুষ্ঠানত ভোটাৰ সজাগতা বৃদ্ধি কৰিবলৈ নয়নমণি দাসৰ কথা আৰু সুৰেৰে প্ৰস্তুত ‘গণতন্ত্ৰত ৰাইজেই ৰজা’ শীৰ্ষক এটি নিৰ্বাচনী গীতো জিলা আয়ুক্ত গৰাকীয়ে মুকলি কৰে। জিলা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰক্তদান তথা স্বাস্থ্য পৰীক্ষা শিবিৰ, পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীও অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি সভাত আইআইটি গুৱাহাটীৰ অধ্যাপক অৰূপজ্যোতি শইকীয়াই কামৰূপ জিলাৰ ঐতিহাসিক পটভূমিৰ ওপৰত বক্তব্য প্ৰদান কৰে।কামৰূপ জিলা দিৱসৰ এই কাৰ্যসূচীত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্পা বাগলাৰী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে কমল বৰুৱা, নিত্য বিনোদ ৱাৰী, চন্দনা বৰুৱা, অভিজিৎ গগৈ, পংকজ কুমাৰ নাগবংশী, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply