কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক । Kamrup Metro

Kamrup Metro । কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য, ইলেকট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকখনত কামৰূপ মহানগৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনা আৰু পৰ্যালোচনা কৰা হয়।

বৈঠকত উপস্থিত থাকে — গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱান, আৰু জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞা সহ অন্যান্য বিষয়া।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে, “প্ৰত্যেক আঁচনি জনগণলৈ সুফল পোৱাৰ সময়সীমা ভিতৰত সম্পূৰ্ণ হোৱাই হৈছে চৰকাৰৰ লক্ষ্য।”

বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন, স্বাস্থ্য, শিক্ষা, সমগ্ৰ শিক্ষা অভিযান, ভূমি সংৰক্ষণ, জনস্বাস্থ্য কাৰিকৰী, কৃষি, হস্ততাঁত আৰু বয়ন, জিলা ক্ৰীড়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, শ্ৰম, লোকনিৰ্মাণ (পথ) আদিসহ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

প্ৰত্যেক বিভাগে নিজৰ আঁচনিৰ অগ্ৰগতি আৰু কাৰ্যপদ্ধতিৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে মন্ত্ৰীগৰাকীক অৱগত কৰে।

বৈঠকৰ অন্তত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত “জিলা উদ্যম সমাগম” শীৰ্ষক প্ৰদৰ্শনীখনৰ শুভাৰম্ভ কৰে। এই প্ৰদৰ্শনীখন আৰ ই এম পি আঁচনিৰ অধীনত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ সহযোগত আয়োজিত হৈছে।

উল্লেখযোগ্য যে, “জিলা উদ্যম সমাগম” প্ৰদৰ্শনীখন ৩১ অক্টোবৰত সামৰণী পাব। এই প্ৰদৰ্শনীত বিভিন্ন উদ্যোগপতি, হস্তশিল্পী, বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোক্তাসকলে নিজৰ উৎপাদন আৰু উদ্ভাৱনীমূলক কামৰ পৰিচয় আগবঢ়াব।

Related Articles