আমিনগাঁৱত জব্দ প্ৰায় ছয় কোটি টকা মূল্যৰ হিৰ’ইন ।

ড্ৰাগছৰ বিৰুদ্ধে পুনৰ বৃহৎ সাফল্য কামৰূপ আৰক্ষীৰ । আমিনগাঁৱত জব্দ প্ৰায় ছয় কোটি টকা মূল্যৰ হিৰ’ইন । ML 05 M 0748 নম্বৰৰ বলেৰ বাহন খনত সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ হিৰ’ইন খিনি ।

গোপন সুত্ৰৰ পম খেদি শৰাইঘাট দলংত জব্দ কৰা হয় বাহনখন । বাহনখনৰ চিটৰ তলত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰা হৈছিল হিৰ’ইন খিনি । ৬০ টা চাবোনৰ পেকেটত উদ্ধাৰ কৰা হয় ড্ৰাগছ খিনি । মণিপুৰৰ ম’ৰে জিলাৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছ খিনি । এগৰাকী মহিলা সহ তিনি কুকী ড্ৰাগছ সৰবৰাহকাৰী আটক । আৰক্ষীয়ে আটক কৰিছে কাৰ্বিআংলংৰ খুপখলেন সিংচন, মনিপুৰৰ থাংখান চিয়াম, লালাম খনচাই নামৰ সৰবৰাহকাৰীক। মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু DSP কল্যান পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ।



