শুৱালকুছিত কা বাতিলৰ দাবীত কামৰূপৰ আছুৰ এঘাৰ ঘন্টীয়া অনশন

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা  বিৰোধী আন্দোলন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই শুৱালকুছি বস্ত্ৰ উদ্যানৰ সম্মুখত ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৫ বজালৈ এঘাৰ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়ণ হোৱা অনশন কাৰ্য্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে , নাগৰিকত্ব সংশোধনী আইন যিকোনো মূল্যৰ বিনিময়ত বাতিল হবই লাগিব বুলি উল্লেখ কৰাৰ লগতে এই জাতি ধ্বংসী আইন খনে অসমীয়া জাতিক নিশেষ কৰি পেলাব ৷ বিজেপি চৰকাৰে অসমত চৰকাৰ গঠন কৰিবলৈ পাৰিলেই প্ৰথম অধিৱেশনতে কা” আইন প্ৰৱৰ্তন কৰিম বুলি ঘোষণা কৰাৰ লৈ তীব্ৰ ভাষাৰে বিৰোধীতা কৰাৰ লগতে আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিক  বৰ্জন কৰিবলৈও আহ্বান জনাই ৷ অনশন কাৰ্যসূচীত কামৰূপ জিলাৰ আছুৰ উপদেষ্টা নিৰোদ দাসে , চৰকাৰে কা বাতিল নকৰালৈকে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে ৷ অনশন কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভবজ্যেতি দাস আৰু সম্পাদক পংকজ কলিতাইও বক্তব্য প্ৰদান কৰে ৷আনহাতে , শুৱালকুছি সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক পুলিন দাসে কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক ফলৰ ৰস পান কৰোৱাই ছাত্ৰছাত্ৰীৰ সকল  অনশন কাৰ্য্যসূচী ভংগ কৰোৱাই৷

Related Articles