Breaking

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ…

0 24

শিলচৰ আৰু শিয়ালদহৰ মাজৰ কাঞ্চনজংঘা এক্সপ্ৰেছৰ নতুন ষ্টপেজৰ শুভাৰম্ভ

ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং মণ্ডলৰ অন্তৰ্গত বিহাৰা ষ্টেচনত ৰেল নং. ১৩১৭৬/১৩১৭৫ (শিলচৰ– শিয়ালদহ-শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনৰ দুই মিনিটৰ বাবে এটা অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। শিলচৰ লোকসভা সমষ্টিৰ সাংসদডাঃ ৰাজদীপ ৰয়ে ২৯জানুৱাৰীত বিহাৰা ষ্টেচনত নতুন ষ্টপেজৰ সৈতে কাঞ্চনজংঘা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোত সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ ৰেলৱে বিষয়াবৰ্গ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল।

এতিয়াৰে পৰা ৰেল নং ১৩১৭৬ (শিলচৰ – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ শিলচৰৰ পৰা বিহাৰাত একেদিনাই ১৩:২৫বজাত উপস্থিত হ’ব আৰু ১৩:২৭বজাত প্ৰস্থান কৰিব। শিয়ালদহৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে’ল নং ১৩১৭৫ (শিয়ালদহ- শিলচৰ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলখন পিছদিনা ১২:০০বজাত বিহাৰাত উপস্থিত হ’ব আৰু ১২:০২বজাত প্ৰস্থান কৰিব। এই নতুন ষ্টপেজে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব বুলি আশা কৰা হৈছে।

এই ৰেলখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave A Reply