Breaking

মহেশ ভট্টৰ ভিডিঅ শ্বেয়াৰ কৰি কংগনা ৰানাউটে, পৰিচালকৰ বিৰুদ্ধে কৰিলে বিস্ফোৰক মন্তব্য…

0 50

বলীউডৰ বিতৰ্কিত অভিনেত্ৰী হিচাপে পৰিচিত কংগনা ৰানাউট। বিভিন্ন বিষয়ত তেওঁৰ মন্তব্যই তেওঁক আলোড়নৰ সৃষ্ঠি কৰে । শেহতীয়াকৈ আকৌ এবাৰ বলীউডৰ অন্যতম জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মহেশ ভট্টৰ বিৰুদ্ধে এক মন্তব্য কৰিছে অভিনেত্ৰী গৰাকীয়ে। এটা ভিডিঅ’ৰ কেইবাটাও অংশ শ্বেয়াৰ কৰি তেওঁ এই মন্তব্য কৰে।

শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোৰ এটা অংশ শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীক লিখা দেখা গৈছিল, তেওঁৰ প্ৰকৃত নাম আছলাম। তেওঁ ধৰ্ম আৰু নাম সলনি কৰি দ্বিতীয় পত্নী ছোনী ৰাজদানক বিয়া কৰাইছিল। ইয়াৰ আধাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ প্ৰকৃত নাম বা পৰিচয় কেতিয়াও সকলোৰে পৰা লুকুৱাই ৰাখিব নালাগে। আৰু সেই কথাৰ প্ৰতি সঁহাৰি জনাই বলীউডৰ এই বিতৰ্কিত অভিনেত্ৰীগৰাকী। অৱশ্যে ভিডিঅ’টোৰ আন এটা অংশ শ্বেয়াৰ কৰা হৈছে, য’ত মহেশ ভট্টে নিজৰ প্ৰকৃত নাম কোৱা শুনা গৈছে। তদুপৰি তেওঁ সেই ভিডিঅ’টোত ইছলামক লৈ নিজৰ ব্যক্তিগত অনুভৱো প্ৰকাশ কৰা দেখা গৈছিল।

২০০৬ চনত অনুৰাগ বসুৰ গেংষ্টাৰ ছবিৰ জৰিয়তে বলিউডত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ছবিখনত ইমৰান হাছমীৰ বিপৰীতে তেওঁক দেখা গৈছিল। কিন্তু তাৰ পিছৰে পৰা মহেশ ভট্টৰ বিৰুদ্ধে কেইবাটাও অশ্লীল মন্তব্য কৰি চৰ্চালৈ আহিছে কংগনা ৰানাউটে।

২০২০ চনত অভিনেত্ৰী গৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কাৰণ সেই সময়ত তেওঁ পৰিচালক তথা অভিনেত্ৰী পূজা ভাট অৰ্থাৎ কন্যাৰ দ্বাৰা নিৰ্মিত ছবিখন বাতিল কৰিছিল। মন কৰিবলগীয়া যে ‘গংগুবাই কঠিয়াবাদী’ মুক্তিৰ পূর্বে তেওঁ মহেশ ভট্ট আৰু আলিয়া ভট্টৰ বিৰুদ্ধে অত্যন্ত কটু মন্তব্য কৰি আছিল৷

Leave A Reply