পশ্চিম কাৰ্বি আংলং, জুন ১০:karbi anglong
অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চল কান্দুলী-লাংহেমপিস্থিত বন বিভাগৰ পৰিদৰ্শন বাংলোত চ’ছেং আমৰেং সীমান্ত উন্নয়ন সমিতি আৰু **কাৰ্বি চাত্ৰ সংস্থা (KSA)**ৰ যৌথ উদ্যোগত এক গুৰুত্বপূৰ্ণ শান্তি সমন্বয় সভা অনুষ্ঠিত হয়।

সীমান্ত উন্নয়ন আৰু বিশ্বাস স্থাপনৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে ৪২টা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া, স্থানীয় সমাজসেৱকসকলৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰাক্তন সীমান্ত উন্নয়ন ব’ৰ্ডৰ অধক্ষ্য আগষ্টিন হানচে, যিয়ে সভাটো পৰিচালনা কৰে।

সভাত চাৰিটা মূল বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়:
- সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধ – স্থানীয় ৰাইজে তেওঁলোকৰ ভূমি বাহিৰৰ লোকক বিক্ৰী বা বন্ধক দিব নোৱাৰিব। যদি দিব, তেন্তে ₹৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
- অসম-মেঘালয় সীমা বিবাদৰ সমাধান – ১৯৫১-৫২ চনৰ Survey of India‘ৰ ডিমাৰ্কেচনৰ আধাৰত সীমা সলনি হ’ব লাগে বুলি মত প্ৰকাশ কৰা হয়।
- ভূমি খাজনা জমা – কাৰ্বি আংলঙত বসবাস কৰা সকলো সীমান্তবাসীয়ে নিজৰ ভূমিৰ খাজনা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৰাজহ বিভাগত দিব লাগিব বুলি সিদ্ধান্ত লোৱা হয়।
- ডুৱেল ভোটাৰ নামভৰ্তি বাতিল – সীমান্ত অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ ভোটাৰ নামত দ্বৈত নামভৰ্তি থকা অনুচিত। যি ৰাজ্য বা জিলাত বাস কৰে, সেই অঞ্চলৰ ভোটাৰ হিচাপে নামভৰ্তি হ’ব লাগিব বুলি সভাত পৰামৰ্শ দিয়া হয়।
উল্লেখযোগ্য যে, উপস্থিত ৪২টা গাঁওৰ সকলো গাঁওবুঢ়াই এই সিদ্ধান্তসমূহত পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে। সভাৰ জৰিয়তে সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি, সামাজিক স্থিতি আৰু ভূমি-আইনি ব্যৱস্থাত একতা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হয়।
এই সভাখন অসম-মেঘালয় সীমান্তত পুনঃ সংঘৰ্ষৰ সম্ভাৱনাক হ্ৰাস কৰি উন্নয়নমূলক সহাবস্থাৰ পথ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সকলে।