Breaking

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ বাবে সাজু জিএছপি…

0 1,123

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত এইবাৰ অৱতীৰ্ণ হব লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি চমুকৈ জিএছপি। আজি এক দলীয় সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তামুলপুৰত মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ। আজি তামুলপুৰ দিঘিলীপাৰস্থিত জিএছপিৰ মুখ্য কাৰ্যায়লত এক আছুতীয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই। জিএছপিৰ সভাপতি গৰাকীয়ে জনোৱা মতে অহা ২০ মে’ৰ ভিতৰত প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল হোৱাৰ সম্ভাৱনা আছে। জিএছপিয়ে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগে লগে নিশ্চিত সফলতা আশা কৰাৰ লগতে কাৰ্বি আংলংৰ নিপীড়িত নিষ্পেষিত কণ্ঠ দমাই ৰখা জনতাই ন্যায় পাবলৈ সক্ষম হ’ব আৰু তাতো বিটিচিৰ নিচিনা পৰিৱৰ্তন আহি পৰিব। কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত অংশ লোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষ প্ৰস্তুতি নাছিল যদিও কাৰ্বি আংলঙৰ ৰাইজৰ গভীৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আমি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছোঁ।

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে কাৰ্বি আংলঙত কাৰ্বি বা অনা কাৰ্বি বুলি কোনো কথা নাই। কাৰ্বি আংলঙত বসবাস কৰা বহু খিলঞ্জীয়া বা ভূমিপুত্ৰ আজিও নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মাটিৰ পট্টায়েই হওক, কথা কোৱাৰ অধিকাৰযেই হওক, খোৱা পানীৰ পৰা শিক্ষালৈকে চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। আমি যদি তাত গৈ সোমাব পাৰো নিশ্চিত ভাবে ন্যায় নিৰাপত্তাৰ ক্ষেত্ৰত উপকৃত হব সেই অঞ্চলৰ ৰাইজ। কাৰ্বি আংলঙৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐক্য যাতে সুদৃঢ় হয়, উন্নতি তৰান্বিত হয়, দুৰ্নীতি ৰোধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিএছপিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুঠ ২৬খন আসনৰ ১২ খন আসনত মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি মন্তব্য কৰি প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলিও মন্তব্য সাংসদ গৰাকীৰ।
 বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিতো জিএছপিযে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰী কৰি অসমখন জিএছপিৰ দখললৈ আহিব পাৰে বুলিও মন্তব্য নৱ কুমাৰ শৰণীয়াৰ। ওদালগুৰি পৰিষদীয় সমষ্টিৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ গইনা লৈ গোবিন্দ বসুমতাৰীযে দুটাকৈ পদ দখল কৰি আছে। এই বিশেষ কথাটোক লৈ যেতিয়ালৈকে  কোনেও আদালতৰ দ্বাৰস্থ নহয় তেতিয়ালৈকে এই সমস্যাটো এনেদৰেই থাকি যাব। 

ইপিনে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা সন্দৰ্ভত নৱ কুমাৰ শৰণীয়াই  কয় – আলফাৰ বিষয়টো কোনে কি ভাবে বিশ্লেষণ কৰে সেয়া সকলোৱে দেখিছে। আলফাৰ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। আলফাৰ লগত আবেগিক ভাবে অসমৰ লাখ লাখ মানুহ জড়িত হৈ আছিল। আলফাৰ নেতৃত্বই কৰা ভুলৰ বাবেও তেওঁলোক যথেষ্ট সমালোচিত হৈছে বা আত্মগ্লানিতো ভুগিছে। তেওঁ কয়- মই ভাবো ৰাজনীতিবিদ সকলে এই বিষয়টোৰ পৰা অলপ দূৰত থকাটোয়েই ভাল। তেওঁ চৰকাৰক আহ্বান জনাই তেওঁ কয় – তেওঁলোকে সন্ত্ৰাসবাদী সমস্যা বা সমাধানৰ বিষয় সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়খিনিক লৈ আলফাৰ লগত এটি ফলপ্ৰসূ আলোচনা হব লাগে। আমি জনাত এই চৰকাৰ খনৰ সৈতে আলফাৰ  যথেষ্ট আন্তৰিকতা আছিল। এইটোক লৈ আলোচনাত মিলিত হৈ আলোচনা আগবঢ়াই নি অসমৰ সমস্যা সমাধান হলে তেতিয়া ভাল কথা হব। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াক এটা সমাধানৰ দিশলৈ লৈ যাব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য শৰণীয়াৰ।

৯০ ৰ  সময়ত যদি আলফাই এটা ভাল চুক্তি কৰিব পাৰিলে হেতেন অসমৰ বহু পৰিৱৰ্তন আহিলহেঁতেন। ২০২২ ৰ পিছলৈ গলে অসমৰ কিন্তু বহু ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য সাংসদ গৰাকীৰ। বৰ্তমান সময়ত একাংশ যুৱক যুৱতী  অলফামুখী হোৱা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- আমি আলফাৰ বিগত ২৫ বছৰত  প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট মনত থকাৰ নিচিনা। আজি ৰ ডেকা ল’ৰা বিলাকে আলফাৰ সেই সংগ্ৰামী জীৱন বা সংকটপূৰ্ণ জীৱনৰ লগত ২৪ ঘণ্টাই তিষ্ঠিব নোৱাৰিব বুলি মই ভাবোঁ। যাৰ বাবে তেওঁলোকে তেওঁলোকৰ বাবে অপঘাটি কাম হবও পাৰে, পলাব চেষ্টা কৰিব পাৰে। কোভিডৰ পিছত অৰ্থনৈতিক সংকটত পৰি ভাৰতবৰ্ষৰ লগতে অসমত অৰ্থনৈতিক সংকট আহি পৰিছে। শিক্ষিত যুৱক সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। সমাজত গোটেই বস্তুবোৰ ৰাজনীতিকৰণ হয়। বহু মানুহে এই পৰিস্থিতি সহ্য কৰিব নোৱাৰি হতাশাত ভুগিহে অলফালৈ গমন কৰিছে।  স্বাধীন অসম বা প্ৰকৃত মুক্তি সেনানি হিচাপে যুৱক যুৱক সকলে আলফালৈ গমন কৰা বুলি মই নাভাবোঁ। অলফালৈ যোৱাৰ আগতে যুৱক যুৱতী সকলক দহবাৰ ভাবিবলৈ আহ্বান নৱ কুমাৰ শৰণীয়াৰ।

Leave A Reply