বিগত দুদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ দি(karbi langpi hydro electric project)থকাৰ ফলত সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ আৰু হামৰেণৰো বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হয়৷ জিলাখনৰ ১০০ মেগাৱাট শক্তিসম্পন্ন কাৰ্বি লাংপি জলবিদু্যৎ প্ৰকল্পৰ পাঁচখনকৈ শ্লুইছ গেটৰ দুই নম্বৰৰ ৫০ ছেণ্টিমিটাৰ, তিনি নম্বৰৰ ২০০ ছেণ্টিমিটাৰ, চাৰি নম্বৰৰ ২০০ ছেণ্টিমিটাৰ, পাঁচ নম্বৰৰ ২০০ ছেণ্টিমিটাৰ আৰু ছয় নম্বৰৰ ২০০ ছেণ্টিমিটাৰকৈ খুলি দিয়াৰ ফলত উফন্দি উঠে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ ৷
ফলত বৈঠালাংছ’ আৰু বৰচালি সংযোগী পথৰ ওপৰেদি পানী বাগৰি যোৱাত দহখনকৈ গাঁৱৰ সংযোগ বিছিন্ন হৈ পৰাৰ লগতে প্লাৱিত হৈ পৰে খাৰুপিন্ধা, ইংহিন গাঁৱ, বৰচালি, থাৰ্বে আবি, ৰংতুমেন, আমডুবি, শিলডুবি, ৰংফেলান, উদমাৰীকে ধৰি সৰ্বমুঠ দহখনকৈ গাঁও৷ সমান্তৰালকৈ, বৈঠালাংছ’ নতুন বজাৰ, পুৰণা বজাৰ, টিছ’ গাঁৱৰ লগতে বৃহত্তৰ বৈঠালাংছ’ৰ কেইবাখনো ৰাজহ গাঁও বানপানী বুৰাই পেলায়৷ আনহাতে, জিলাসদৰ হামৰেণতো প্ৰবল বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ৷
হামৰেণ নতুন বজাৰস্থিত প্ৰেছবাইটেৰিয়ান বিদ্যালয়ৰ সন্মুখত নিৰ্মিয়মাণ অৱস্থাত থকা দলঙখনৰ দুয়োকাষে পানী ঢলে মাটি উতোৱাই নিয়াৰ ফলত পথটিৰ যোগাযোগ বিছিন্ন হৈ পৰে৷ তদুপৰি, হাজং বস্তি, উমৰিন্তি আদি অঞ্চলো কৃত্ৰিম বানপানীয়ে বুৰাই পেলোৱাৰ ফলত ভুক্তভোগী ৰাইজে পথৰ ওখস্থানত আহি আশ্ৰয় ল’বলগীয়া হৈছে৷ ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া তথা জিলা আয়ুক্ত সাৰংগপাণি শৰ্মাই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষণিকভাৱে সেৱা আগবঢ়াবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্থানীয় স্বেচ্ছাসেৱী সংগঠন আৰু বে-চৰকাৰী সংস্থাসমূহক নিৰ্দেশনা প্ৰদান কৰে৷