অসম বিধানসভা সভাকক্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা কাৰ্বি জনসাধাৰণৰ সামগ্ৰিক কল্যাণ সন্দৰ্ভত কাৰ্বি নাগৰিক সমাজৰ বিভিন্ন গোট আৰু কাৰ্বি সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠক অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সকলোধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে।
বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কেবিনেট সতীৰ্থ ডাঃ ৰণোজ পেগু, সাংসদ হৰেনছিং বে’ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।