ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত বহু ভিন্ন ধৰণৰ খবৰও ওলাইছে। (Kareena Kapoor)ছেইফ আৰু তেওঁৰ পৰিয়াল সদগুৰু শৰণ বিল্ডিঙৰ পৰা বান্দ্ৰাৰ ফৰ্চুন হাইটছ এপাৰ্টমেণ্টলৈ স্থানান্তৰিত হ’ব পাৰে বুলি চৰ্চা চলিছে। কিছুমান ভিডিঅ’ আৰু পোষ্টো ভাইৰেল হৈছিল য’ত দেখা গৈছিল যে টাইমুৰ আৰু জেহৰ খেলনা তালৈ স্থানান্তৰ কৰা হৈছে। এতিয়া কৰীনা কাপুৰে এই খবৰবোৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভুৱা কথা বিয়পোৱাৰ বাবে ট্ৰ’লাৰসকলক ধমক দিছে।
কৰীনা কাপুৰে এই ভুৱা পোষ্টৰ ফটো ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে। লগতে ট্ৰ’ল আৰু ভুৱা বাতৰি বিয়পাই দিয়া সকলকৰ ওফৰত ক্ষোভ প্ৰকাশ কৰে।

কৰীনা কাপুৰৰ এই পোষ্টটোৰ পৰা অনুমান কৰিব পাৰি যে এই ভুৱা খবৰৰ বাবে কৰীনা কাপুৰে বহু কষ্ট পাইছে। এই কঠিন সময়ত তেওঁক অকলে এৰি দিবলৈ সকলোকে অনুৰোধ জনাইছে। তেওঁৰ পৰিয়াল আৰু সন্তানক লৈ কোনো ধৰণৰ ভুৱা কথা বা ঘৃণা বিয়পাই নিদিবলৈ আহ্বান।
চিকিৎসালয়ত ভৰ্তি হোৱা অভিনেতাগৰাকীক আজি ডিচচাৰ্জ দিয়া হ’ব। লীলাৱতী চিকিৎসালয়ৰ চিকিৎসকে জনোৱা মতে, দুপৰীয়াৰ ভিতৰত ছেইফ আলী খানক ঘৰলৈ যাবলৈ দিয়া হ’ব। চিকিৎসকে অভিনেতাগৰাকীক কামৰ পৰা আঁতৰি থাকিবলৈ আৰু কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে।
আৰক্ষীয়ে যেতিয়া অভিযুক্ত শ্বাহজাদৰ ফোনৰ পৰা অভিযুক্ত শ্বাহজাদৰ পিতৃ-মাতৃৰ নম্বৰ লৈ বাংলাদেশলৈ ফোন কৰে তেতিয়া অভিযুক্তজন তেওঁলোকৰ পুত্ৰ বুলি কয়। দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা শ্বাহজাদে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰুও হৈ আহিছে। বাংলাদেশৰ এজন মল্লযুঁজ খেলুৱৈ বুলি আৰক্ষীক জনায় অভিযুক্তই। তেওঁ জিলাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো মল্লযুঁজ কৰিছে। অভিযুক্তই আৰক্ষীক জনোৱা মতে, আগতে তেওঁ কম ওজনৰ শাখাত খেলিছিল।

