Breaking

কোচবিহাৰৰ মধুপুৰ সত্ৰত “মধুপুৰ মহোৎসৱ”ৰ শুভাৰম্ভণি

0 1,641

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি ৰসেৰে  ২৪ডিচেম্বৰত  মুখৰ হৈ পৰে পশ্চিমবংগৰ সমগ্ৰ কোচবিহাৰ অঞ্চল। অসমীয়া সাহিত্য-সংস্কৃতিৰ পীঠস্থান শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি উত্তৰ বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত ২৪ডিচেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মধুপুৰ মহোৎসৱ। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে

মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতি বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে মধুপুৰ সত্ৰ সমিতিয়ে এই মধুপুৰ মহোৎসৱৰ আয়োজন কৰিছে। ২৪ডিচেম্বৰত আবেলি তিনি বজাত কোচবিহাৰ আৰু মধুপুৰ সত্ৰত অসম আৰু বংগৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা সহস্ৰাধিক ভকত-বৈষ্ণৱসকলক আদৰণি জনোৱা হয়। অসম সত্ৰ সমিতিৰ সভাপতি তথা মধুপুৰ সত্ৰ সমিতিৰ সভাপতি  জীতেন্দ্ৰ নাথ প্ৰধানী আৰু সম্পাদক কুমাৰ দীপক দাসৰ নেতৃত্বত মধুপুৰ সত্ৰৰ আশে-পাশে বাস কৰা ভকত-বৈষ্ণৱসকলে এই  সকল ভকতক আদৰণি জনায়। সন্ধিয়া পাঁচ বজাৰ পৰা বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক  ধনেশ্বৰ নাথৰ পৰিচালনাত ভাগৱৎ পাঠ আৰু ব্যাখ্যাৰ এক অভিনৱ কাৰ্য্যসূচী সম্পন্ন হয়।

ইয়াত উত্তৰ বংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰৰ উপৰিও শতাধিক উত্তৰ বংগৰ ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰি গুৰু দুজনাৰ কৰ্মৰাজিৰ ওপৰত এক মননশীল আলোচনাত মিলিত হয়।  মধুপুৰ সত্রত প্ৰভাত ফেৰী সাংস্কৃতিক শোভাযাত্ৰা, থিয়নাম সমাৰোহ, স্মৰণিকা উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আৰু ভাৰত চৰকাৰৰ সত্ৰীয়া কেন্দ্ৰৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰাৰ সুব্যৱস্থা গ্ৰহন কৰা বুলি আয়োজক সমিতিয়ে জনাইছে ৷ উল্লেখযোগ্য যে উত্তৰ বংগৰ সত্ৰৰ সমূহৰ লগতে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সত্ৰশাল সত্ৰ, জিনকাটা সত্ৰ, গুৱাহাটী, বিজনী, হাউলী আদি অঞ্চলৰ বিভিন্ন সত্ৰ তথা নামঘৰৰ ভকত-বৈষ্ণৱসকল মধুপুৰ সত্ৰত উপস্থিত হৈছে।

Leave A Reply