শনিবাৰে হোৱাইট হাউছত ভাৰতীয় মূলৰ কেশ পেটেলে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক প্ৰশংসাৰ কৰে।(Kash Patel)
ভাৰতীয় মূলৰ কেশ পেটেলে আমেৰিকাত গীতা স্পৰ্শ কৰাৰ পিছত আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে। এফ বি আইৰ মুৰব্বী হিচাপে ভাৰতীয় মূলৰ ব্যক্তি নিৰ্বাচিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এজন বিশেষ ঘনিষ্ঠ বন্ধু তেওঁ। শপতগ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল ট্ৰাম্প। ট্ৰাম্পে ক’লে যে তেওঁ কেশক কিয় ভাল পায়।
শনিবাৰে হোৱাইট হাউছৰ ই ই অ’ বি বিল্ডিঙৰ ইণ্ডিয়ান একৰ্ড ৰুমত কেশৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ আয়োজন কৰে আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে। কেশে এফ বি আইৰ সঞ্চালক হিচাপে শপত গ্ৰহণৰ সময়ত গীতাৰ ওপৰত হাত থয়।
‘আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপ এক চিন্তাৰ বিষয়’! ট্ৰাম্পে ফাণ্ডিং ফ্ৰীজৰ ঘোষণাৰ পিছত মুকলি মোডী চৰকাৰ
ট্ৰাম্পে কয় যে মই কেশক ভাল পাওঁ। মই বিচাৰিছিলো তেওঁ এই কামৰ দায়িত্ব ল’ব। ইয়াৰ এটা কাৰণ হ’ল এফ বি আইৰ সকলো এজেণ্টে তেওঁক অতি সন্মান কৰে। “এই পদৰ বাবে তেওঁ উপযুক্ত।”
৪৪ বছৰীয়া ৰ’নাল্ডোৰ শিপা ভাৰতত। গুজৰাটৰ আনন্দ জিলাৰ ভদ্ৰান গাঁৱৰ বাসিন্দা। ৭০-৮০ বছৰ আগতে তেওঁৰ পৰিয়াল উগাণ্ডালৈ গুচি গৈছিল। তাৰ পৰাই তেওঁলোকে আমেৰিকালৈ গৈ থিতাপি লৈছিল। কেশ পূৰ্বে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত আছিল। বৃহস্পতিবাৰে তেওঁ সংগঠনটোৰ সঞ্চালক হিচাপে নিৰ্বাচিত হয়। আমেৰিকাৰ চেনেটত ভোটৰ দ্বাৰা নিৰ্বাচিত হৈছিল। ৫১-৪৯ ভোটত জয়লাভ কৰে কেশে।

