নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰত অব্যাহত আছে লুইতৰ ভয়াবহ খহনীয়া। শ-শ পৰিয়াল গৃহহীন, সৰ্বস্বান্ত নৈপৰীয়া গয়া। আপোন ঘৰ নদীৰ বুকুত জাহ যোৱাত নীৰৱে উচুুপিছে গৃহহীন পৰিয়ালৰ প্ৰতিজনে। কাছুমাৰা-কাশিমপুৰৰ প্ৰায় তিনিশটা পৰিয়াল গৃহহীন হোৱাৰ লগতে শ-শ বিঘা কৃষি ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়। গৰাখহনীয়াৰ কবলত পৰি হেপাঁহেৰে সজা আপোন ঘৰ-ভেটি এৰি বহু পৰিয়াল স্থানান্তৰ হৈছে নিৰাপদ স্থানলৈ। আশ্চৰ্যকৰ ভাবে বহুবাৰ কাবৌ-ককালি কৰা স্বত্বেও ভুক্তভোগী নৈপৰীয়া গয়াৰ দুৰ্দিনলৈ চৰকাৰ-প্ৰশাসন কিম্বা সমষ্টিৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ। পুনৰ চৰকাৰ-প্ৰশাসনৰ লগতে স্থানীয় বিধায়কক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

