ভৱানীপুৰৰ হৰিপুৰত কাতিমহীয়া নাম সম্পন্ন

ভৱানীপুৰ, প্ৰতিবেদক : ভৱানীপুৰৰ হৰিপুৰৰ নৱমিলন থিয়নাম দলৰ উদ্যোগত আৰু হৰিপুৰ গঞা ৰাইজৰ সহযোগত প্ৰতিবেলিৰ দৰে এইবেলিও হৰিপুৰ নামঘৰ প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে কাতিমহীয়া নামৰ আয়োজন কৰে। কালি পুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অষ্টম সংখ্যক কাতিমহীয়া নাম উদযাপন কৰি ভক্তিৰসত বিলীন হৈ পৰে হৰিপুৰবাসী ৰাইজ। কাৰ্যসূচীমৰ্মে পুৱাৰ ভাগত প্ৰসংগ কৰে স্থানীয় ভকত ৰবীন দাসে, ভাগৱত পাঠ কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক খনীন্দ্ৰ তালুকদাৰে। আবেলি স্থানীয় আয়তীৰ দ্বাৰা নাম-প্ৰসংগ কৰা হয়। সন্ধিয়াপৰত হৰিপুৰৰ প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই নাম সমাৰোহ আৰম্ভ হয় । নাম সমাৰোহ উদ্বোধন কৰে ভৱানীপুৰ সত্ৰৰ প্ৰাক্তন মুখ্য পাঠক কৃষ্ণকান্ত নাথে। সমাৰোহত মৌটুপুৰীৰ যুৱ থিয় নামদল, ভৱানীপুৰৰ পদ্মপ্ৰিয়া আয়তী থিয় নামদল আৰু নৱমিলন থিয় নামদলে নাম পৰিৱেশন কৰে। শেষত সকলোৱে মিলি সিদ্ধ আহাৰ গ্ৰহণ কৰাৰ পাছতেই নামভাগিৰ সমাপন ঘটে।

Related Articles