
আমেৰিকাৰ কোটিপতি তথা আমাজনৰ মালিক(Katy Perry Space Travel) জেফ বেজোছৰ কোম্পানী ব্লু অৰিজিনে নিৰ্মাণ কৰা ৰকেটত পপ গায়িকা কেটি পেৰীকে ধৰি ছয়গৰাকী মহিলাই মহাকাশলৈ যাত্ৰা কৰিছিল। এই দলটোত আছিল আমেৰিকাৰ সংবাদ মাধ্যম ‘চিবিএছ মৰ্নিং’ৰ আয়োজক গেইল কিং, বেজোছৰ হবু বন্ধু লৰেন ছানচেজ, নাছাৰ বিজ্ঞানী আয়েছা ব’ৱে, মানৱ অধিকাৰ কৰ্মী আমাণ্ডা নুয়েন, আৰু চলচ্চিত্ৰ প্ৰযোজক কেৰিয়ান ফ্লিন। তেওঁলোকৰ সমগ্ৰ অপাৰেচন সম্পূৰ্ণ হ’বলৈ সময় লাগিছিল মাত্ৰ ১১ মিনিট। কিন্তু এই দ্ৰুত ভ্ৰমণৰ বাবে কেটিহঁতৰ কিমান টকা খৰচ হৈছিল জানেনে?

ব্লু অৰিজিনৰ ‘নিউ শ্বেফাৰ্ড’ ৰকেটত উঠি সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত টেক্সাছৰ ভেন হৰ্ণ স্পেচপ’ৰ্টৰ পৰা ৰাওনা হয়। মানৱ মহাকাশ যাত্ৰাৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ৬গৰাকী মহিলাই মহাকাশলৈ যাত্ৰা কৰিছিল। পুৱা ১০ বজাৰ ঠিক আগতেই তেওঁলোক পৃথিৱীলৈ উভতি আহিল। কিন্তু এই ১১ মিনিটৰ বাবে তেওঁলোকে এক কোটিতকৈ অধিক টকা দিব লগা হৈছিল। হিচাপ অনুসৰি ব্লু অৰিজিনৰ মহাকাশযানত আসন সংৰক্ষণৰ প্ৰক্ৰিয়া কৰিবলৈ নূন্যতম ১ লাখ ৫০ হাজাৰ ডলাৰৰ প্ৰয়োজন হয়, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১২৯ লাখ টকা। এই ৰাহি হোৱা ধন মহাকাশ ভ্ৰমণৰ খৰচ নহয়! এই ধন কেৱল জমা হিচাপে ৰখা হয় আৰু ঘূৰাই দিব পৰা যায়। কিন্তু বিভিন্ন মহলৰ পৰা অনুমান কৰা মতে এই ভ্ৰমণৰ খৰচ ২ লাখৰ পৰা ৪ লাখ ৫০ হাজাৰ ডলাৰৰ ভিতৰত হ’ব পাৰে বা ১ কোটি ৭১ লাখৰ পৰা ৩ কোটি ৮৫ লাখ টকাৰ ভিতৰত হ’ব পাৰে। যদিও কোম্পানীটোৰ ৱেবছাইটত এই তথ্য দিয়া হোৱা নাই, তথাপিও সংবাদ মাধ্যমৰ ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি ২০২১ চনত ব্লু অৰিজিনৰ প্ৰথমখন মহাকাশযানৰ এখন আসনৰ মূল্য নিলামত ২৪০ কোটি টকালৈ বৃদ্ধি পাইছিল!
মহাকাশলৈ যাবলৈ সকলোৱে ‘ভাড়া’ দিব লগা হোৱা নাই। চাৰি বছৰ পূৰ্বে এই একেটা ৰকেটতে মহাকাশলৈ গৈছিল এসময়ৰ জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক ‘ষ্টাৰ ট্ৰেক’ৰ আইকনিক অভিনেতা উইলিয়াম শ্বেটনাৰে। ব্লু অৰিজিনে তেওঁক ‘বিশেষ অতিথি’ হিচাপে বিনামূলীয়াকৈ মহাকাশলৈ লৈ গৈছিল। চিএনএনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে সোমবাৰৰ এই ভ্ৰমণত কেইবাজনো লোকে বিনামূলীয়াকৈ মহাকাশ ভ্ৰমণ কৰিছিল। অৱশ্যে ছয়গৰাকী মহিলাৰ প্ৰতিগৰাকীয়ে কিমান টকা দিব লাগিব সেই কথা উল্লেখ কৰা হোৱা নাই প্ৰতিবেদনত।