Breaking

পঞ্চৰত্ন কবি চক্ৰৰ উদ্যোগত কবি সন্মিলন

0 2,072

 সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত পঞ্চৰত্ন কবি চক্ৰৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশৰ মাজত এখনি কবি সন্মিলন অনুষ্ঠিত হয়। যোৱা ১৫ নৱেম্বৰত গহপুৰ মহকুমাৰ জকাপৰাস্থিত মহাবাহু ফিচাৰি প্ৰাইভেট লিমিটেডৰ আতিথ্যত অনুষ্ঠিত কবি সন্মিলনখনিত সভাপতিত্ব কৰে পঞ্চৰত্ন কবি চক্ৰৰ সভানেত্ৰী কৃপালী গোস্বামীয়ে। কবি চক্ৰৰ সম্পাদক শিৱ শংকৰ হাজৰিকাই আঁতধৰে সভাখনি উদ্বোধন কৰে গেন অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি তথা বিশিষ্ট কবি নগেন কোঁৱৰে। সভাতে শোণিতপুৰ জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি নৰেন শৰ্মাৰ মৃত্যুত তেওঁৰ আত্মাৰ চিৰ শান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। উপাসনা হাজৰিকাৰ বৰগীত পৰিৱেশনে অনুষ্ঠানৰ শুভাৰম্ভ কৰা কবি সন্মিলনত সমীক্ষক হিচাপে অবিভক্ত শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ বৰাই অংশগ্ৰহণ কৰি পঠিত কবিতাসমূহৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাত কবিতা পাঠৰ কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খগেন গোস্বামী, বিশিষ্ট কবি নগেন কোঁৱৰ, ৰুণু দেৱী বৰুৱা, ৰবীন্দ্ৰ কাকতি, তৰাৱতী গিৰি, বিপিন বৰা, লক্ষণ প্ৰধান, বিশ্বনাথ জিলা কবি সন্মিলনৰ সম্পাদক অনিত শইকীয়া, নিকুঞ্জ কোঁৱৰ মহন্ত, ভূৱন অধিকাৰী, ৰূপা শৰ্মা, সীমা দাস, সাংবাদিক নৱজিৎ শইকীয়া, শিৱ শংকৰ হাজৰিকা, কৃপালী গোস্বামীকে ধৰি একুৰি কবিয়ে। সভাতে সাংবাদিক বিপ্লৱ নেওগে এটি কবিতা আবৃত্তি কৰে। সাহিত্যানুৰাগী তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ভৱেন ভট্টাচাৰ্যই সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ৰবীন্দ্ৰ কাকতি, উপাসনা হাজৰিকা আৰু ৰুবী দাসে যুটীয়াভাৱে আধুনিক গীত আৰু বয়োজ্যেষ্ঠ শিল্পী বিজয় বৰাই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰা সভাতে তিনিখনকৈ কাব্য সংকলন উন্মোচন কৰা হয়। সীমা দাসৰ ‘ফাগুনীৰ ফল্গু’ আৰু ‘অশ্বৰ অশ্ৰু’ উন্মোচন কৰাৰ লগতে সভাতে তৰাৱতী গিৰিৰ ‘কবিতা কানন’ উন্মোচন কৰা হয়। উন্মোচন কৰে ক্ৰমে খগেন গোস্বামী, নগেন কোঁৱৰ আৰু নিকুঞ্জ কোঁৱৰ মহন্তই। কেইগৰাকী উন্মোচকে পৃথকে পৃথকে কেউখন কাব্য সংকলনৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য আগবঢ়ায়। শেৱালি কলিতাৰ তত্ত্বাৱধানত ভূপেন্দ্ৰ সংগীতৰ আলমত তিনিগৰাকী নৃত্য শিল্পীয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সজীৱ কৰি তোলে। সভাত বিশ্বনাথ জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক বিপিন বৰা, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ ‘ সমলয়’ৰ সম্পাদক বিপুল কুমাৰ দিহিঙীয়া, মহাবাহু ফিচাৰি প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী অনুপ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়া, বিশ্বজ্যোতি সেনিপতি, মুন গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।নিতুল বৰা হাৱাজান ।

Leave A Reply