নগৰবেৰাৰ উত্তৰ ৰাঙ্গাপানীত বেজ-কবিৰাজৰ অতঃপালি ,তন্ত্ৰ-মন্ত্ৰ কৰি মানুহ মাৰিব গৈ ৰাইজৰ হাতত ধৰা পৰিল কবিৰাজ বপুৰা ,তীব্ৰ চাঞ্চল্য । নগৰবেৰাৰ ১ নং উত্তৰ ৰাঙ্গাপানীত নিশা উত্তপ্ত পৰিস্থিতি ,ৰাইজে ধৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গটালে এগৰাকী ভাৰাতীয়া কবিৰাজক ।
চিকিৎসা কৰিবলৈ গৈ নিজেই চিকিৎসাধীন হৈ পৰিল কবিৰাজ মহাশয় ১ নং উত্তৰ ৰাঙ্গাপানী গাওঁৰ আজিজুল হকে হেনো বাঘবৰ থানাৰ অন্তৰ্গত মানিকপুৰ গাওঁৰ মফিজুল হক নামৰ কবিৰাজক ভাড়ালৈ নিছিল নিজ ঘৰলৈ । উদ্দেশ্য -নিপাত কৰিব শতৰুকবিৰাজো নহয় এলাপেচা বিধৰ ,তন্ত্ৰ-মন্ত্ৰৰে ইচ্ছা কৰিলেই মানুহৰ পৰা হেনো হ’ব পাৰে এন্দুৰ-মেকুৰী আদিও ।
আজিজুল হকে গাঁৱৰ শত্ৰু নিপাত কৰিবলৈ হেনো ভাড়ালৈ নিছিল কবিৰাজক আৰু গাঁৱৰ মানুহক কবিৰাজৰ কথাৰে দিছিল ভয়-ভাবুকিওএই কাণ্ডত ভীতি বিহ্বল হৈ পৰে গাঁৱখনৰ সকলো ,অৱশেষত একগোট হৈ গাঁৱৰ ৰাইজে খেদি গৈ জৱাবদিহি কৰিলে কবিৰাজ মহাশয়কনিশা কবিৰাজে পথাৰত মম-ধুপ জ্বলাই ফলমূলৰে তন্ত্ৰ মন্ত্ৰ পাঠ কৰিবলৈ লোৱাৰ পৰত আতংক বিয়পে গাঁৱখনত আৰু ৰাইজে ধৰি উত্তম-মধ্যম শোধাই ঘৰৰ ভিতৰত কবিৰাজক আৱদ্ধ কৰি খৱৰ দিয়ে টুপামাৰী আৰক্ষীকখৱৰ পাই তাৎক্ষণিক ভাবে আৰক্ষীৰ লোক ঘটনাস্থলীলৈ গৈহে উদ্ধাৰ কৰে কবিৰাজক ঘটনাটোক কেন্দ্ৰ কৰি নিশাৰ ভাগত গাঁৱখনত বিয়পে তীব্ৰ চাঞ্চল্য আৰু উত্তেজনা |

