Kedarnath Mandir: আজি ভক্তৰ মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ, প্ৰথমবাৰৰ বাবে অসমৰ জাপিৰে সজোৱা হৈছে কেদাৰনাথ মন্দিৰ

৬ মাহৰ পিছত কেদাৰনাথ ধাম মুকলি, কেদাৰনাথ মন্দিৰৰ দুৱাৰ খোলাৰ বাবে ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। (Kedarnath Mandir) শুভ সময়ত বাবা কেদাৰনাথ ধামৰ দুৱাৰ মুকলি, হেলিকপ্টাৰে ফুলৰ পুষ্পবৰষুণ।শুকুৰবাৰে পুৱা ০৭:০০ বজাত ভক্তৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। এই উপলক্ষে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মন্দিৰ চৌহদত উপস্থিত হৈ সকলো ভক্তক আদৰণি জনায়।

উত্তৰাখণ্ডত অৱস্থিত বিশ্ববিখ্যাত তীৰ্থস্থান কেদাৰনাথ ধামৰ দুৱাৰ পূজা-অৰ্চনাৰে ভক্তৰ বাবে মুকলি কৰা হয়। এতিয়া ভক্তসকলে অহা ছমাহলৈ বাবা কেদাৰৰ দৰ্শন কৰিব পাৰিব।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ উপলক্ষে কয়, “আপোনালোক সকলোকে বাবাৰ এই পৱিত্ৰ স্থানলৈ আদৰণি জনাইছো আৰু অভিনন্দন জনাইছো। আজি এই শুভ মুহূৰ্তটো আহি পালে যিটোৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ, দেশ আৰু বিশ্বৰ পৰা ইয়ালৈ অহা আমাৰ সকলো ভক্তৰ যাত্ৰা মসৃণ, নিৰাপদ হ’ব লাগে আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে, গতিকে আমি ২০২৫ চনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলোঁ…”

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আৰু কয়, “আজি আমিও ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত পূজা কৰিছো। আজি সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ দৰে বিষয় যিবোৰ আমাৰ সন্মুখত আছে, বাবাই আমাৰ প্ৰধানমন্ত্ৰীক শক্তি দিব আৰু পহলগামত এনে ঘটনা সংঘটিত কৰা শত্ৰু, অসুৰবোৰ ধ্বংস হ’ব…”

আনহাতে ৪ মে’ত খোল খাব বদ্ৰীনাথ ধামৰ দুৱাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে অসমৰ জাপিয়ে আটকধুনীয়াকৈ সজোৱা হৈছে বাবা কেদাৰনাথ ধাম।

Related Articles