Breaking

আজিৰে পৰা বন্ধ কেদাৰনাথ মন্দিৰৰ দুৱাৰ!

0 2,165

পুৱা ৮ বজাৰ লগে লগে বন্ধ হৈ পৰিল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। শীতৰ আগমণৰ লগে লগে পুনৰ ৬ মাহৰ বাবে বন্ধ হল কেদাৰনাথ মন্দিৰৰ দুৱাৰ । মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত, বাবা কেদাৰৰ (ভগৱান শিৱ) পাঁচমুখৰ মূৰ্তিটো ফুলেৰে সজোৱা এটা পালঙ্কুৰত উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰলৈ লৈ যোৱা হৈছিল য’ত শীতৰ মাহবোৰত তেওঁক পূজা কৰা হয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২.৪০ লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছিল। দেশৰ লগেতে বিদেশৰ বিভিন্ন ঠাইৰ পৰা এই তীৰ্থ স্থানলৈ বছৰি অগণন ভক্তৰ আগমণ হয়। যদিও প্ৰতিবাৰে শীতত তুষাৰপাতৰ বাবে বন্ধ হয় চাৰি ধাম ক্ৰমে কেদাৰনাথ লগতে বদ্ৰীনাথ ,যমুনন্ত্ৰী আৰু গংগোত্ৰী মন্দিৰ।

Leave A Reply