Breaking

খাদ্যৰ জৰিয়তে অটুট ৰাখক আপোনাৰ পৌৰুষ সক্ষমতা…

0 89


মৌ:

পাৰস্যত পুৰণি কালত বিবাহৰ পিছত এমাহলৈ দৰা-কইনাক সদায় মৌ খাবলৈ দিয়া নিয়ম আছিল। আৰু ইয়াৰ পৰাই আজিৰ ‘হনিমুন’ শব্দৰ প্ৰচলন হৈছে। মৌত ভিটামিন ‘বি’ প্ৰচুৰ পৰিমাণে থাকে। ‘বি’ ভিটামিনে টেষ্টোষ্টেৰণ প্ৰস্তুত কৰাত সহায় কৰে। মৌ খোৱাৰ ফলত দৈহিক শক্তি বৃদ্ধি পায়।

ব্ৰাজিল নাট(Brazil Nuts):

ইটালিৰ পাডুৱা বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে আহাৰত ছেলেনিয়ামৰ অভাৱ ঘটিলে পুৰুষসকলৰ যৌনক্ষমতা কমি যায়। ছেলেনিয়ামে বীৰ্য কোষবোৰ ধ্বংস হোৱাত বাধা দিয়ে আৰু শুক্ৰাণুৰ সাঁতুৰিব পৰা ক্ষমতা জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম পোৱা যায়। সেয়ে দিনত তিনিটাকৈ ‘ব্ৰাজিল নাট’ খাই থাকিলে যৌনশক্তি বৃদ্ধি পায়।

মুগাবৰণীয়া চাউল:

ঢেঁকীত বনা মুগা বৰণীয়া চাউলত যথেষ্ট পৰিমাণে ‘বি’ ভিটামিন থাকে। ইয়াত মেগনেছিয়ামো প্ৰচুৰ পৰিমাণে থাকে। পেশীৰ গঠন শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজন।

হট চকলেটত থকা phenyl-ethylamine নামৰ উপাদানবিধে ড’পামাইন(dopamine) অধিক পৰিমাণে নিঃসৃত কৰে। ড’পামাইন নামৰ ৰাসায়নিক পদাৰ্থবিধে যৌনশক্তি বঢ়াই তোলে। ইয়াৰ লগতে গাখীৰত থকা কেলচিয়ামে স্নায়ুবোৰক অধিক সক্ৰিয় কৰি তোলে।

শামুক(Oysters):

শামুকত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে টেষ্টোষ্টেৰণ(Testosterone) উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি শামুকত ডি-এছপাৰ্টিক এচিড(D-aspartic acid) আৰু NMDA(N-methyle-D-aspartate)থাকে। এই দুবিধ উপাদানে ছেক্স হৰমোন টেষ্টোষ্টেৰণ আৰু এষ্ট্ৰোজেন নিঃসৰণ হোৱাত সহায় কৰে।

তৰমুজ:

টেক্সাছৰ গৱেষকৰৰ দল এটিয়ে প্ৰমাণ পাইছে যৌন উত্তেজক টেবলেট এটাৰ সমানেই তৰমুজে কাম দিয়ে। উল্লেখ্য যে ভায়েগ্ৰা টেবলেটে Citrulline আৰু Arginine নামৰ উপাদান দুবিধৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ই ৰক্তবাহী নলীৰে তেজ চলাচলত সহায় কৰে। তৰমুজ খালেও একেখিনি উপকাৰ পোৱা যায়।

মুৰ্গীৰ মাংস:

সুস্থ যৌনজীৱনৰ বাবে বীৰ্যৰ উৎপাদন বৃদ্ধি আৰু প্ৰজনন ক্ষমতা বৃদ্ধি তথা যৌন ইচ্ছা বঢ়াই তুলিবলৈ টেষ্টোষ্টেৰণৰ পৰিমাণ সঠিক পৰিমাণে থকা উচিত। টেষ্টোষ্টেৰণৰ উৎপাদন মূলতঃ নিৰ্ভৰ কৰে জিংক আৰু ‘বি’ ভিটামিনৰ ওপৰত। মুৰ্গীৰ মাংসত এই দুয়োবিধ উপাদান পোৱা যায়।

কল:

কলত থকা Bufotenine নামৰ উপাদানবিধে মানুহৰ ‘মুড’ ভালে ৰখাৰ লগতে আত্মবিশ্বাস আৰু যৌনশক্তি বঢ়ায়। ইয়াৰ উপৰি আটাইতকৈ বেছি উপকাৰ হয় ছালখনৰ।

পপকৰ্ণ:

বীৰ্যৰ গাঢ়তা, গুণাগুণ ঠিকে থাকিবলৈ হ’লে Arginine নামৰ উপাদানবিধৰ খুব প্ৰয়োজন। পপকৰ্ণত এই উপাদানবিধ পোৱা যায়। সেয়ে বীৰ্যৰ শক্তি বঢ়াবলৈ পপকৰ্ণ খোৱা উচিত।

জলকীয়া:

জলকীয়া খালে এণ্ডোৰফিন নামৰ উপাদানবিধ তিনিগুণ পৰিমানত নিৰ্গত হয়। এই উপাদানবিধে মনলৈ ‘ফিল গুড’ ধাৰণা আনি দিয়ে। জলকীয়া খালে স্নায়ুমাণ্ডলিক সক্ৰিয় কৰি তোলে।

বাদাম:

বাদামত আৱশ্যকীয় চৰ্বি থাকে। এই চৰ্বিবোৰে Prostaglandins নামৰ হৰমোনবিধ নিয়ন্ত্ৰণ কৰে। ছেক্স হৰমোন উৎপাদনৰ বাবে এই উপাদানবিধ অতি প্ৰয়োজন। বাদামত ভিটামিন ‘ই’ থকা বাবে বীৰ্য শক্তিশালী কৰি তোলে।

ভেনিলা:

চিকাগোৰ ‘স্মেল এণ্ড টেষ্ট ট্ৰিটমেণ্ট ৰিচাৰ্ছ ফাউণ্ডেচন’ৰ এক গৱেষণা অনুসৰি ভেনিলা খালে পুৰুষাংগলৈ ৰক্তপ্ৰবাহ বৃদ্ধি পায় আৰু যৌনশক্তি অটুট থাকে।

ডাৰ্ক চকলেট:

গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে ডাৰ্ক চকলেট খালে হাইপাৰটেনছন নোহোৱা হয়। ফলত নপুংসকতাত ভুগি থকা লোকৰ এই সমস্যা আঁতৰ হয়। ক’কত থকা ফ্লেভনলছ নামৰ উপাদানবিধে নাইট্ৰিক অক্সাইড উৎপন্ন কৰাত সহায় কৰে। এই নাইট্ৰিক অক্সাইডে পুৰুষাংগৰ পেশীবোৰ শিথিল কৰি তোলে। ইয়াৰ ফলত তেজৰ চলাচল বৃদ্ধি পায় আৰু উত্থানত সহায় কৰে।

ৰঙালাউৰ গুটি:

ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে জিংক থাকে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ফলিক এচিড আৰু জিংক ছাপ্লিমেণ্ট খালে বীৰ্য গাঢ় হয়। সেয়ে প্ৰজনন অক্ষমতাত ভোগা লোকে ৰঙালাউৰ গুটি খালে উপকাৰ পায়।

Leave A Reply