Breaking

CBIয়ে জাৰি কৰা চমনৰ প্ৰতি সঁহাৰি কেজৰিৱালৰ! ইডিৰ সন্মুখীন হ’বলৈ সাজু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

0 10

CBIয়ে জাৰি কৰা চমনৰ প্ৰতি সঁহাৰি কেজৰিৱালৰ! ইডিৰ সন্মুখীন হ’বলৈ সাজু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অষ্টমবাৰলৈ CBIয়ে জাৰি কৰা চমন সন্দৰ্ভত এই সিদ্ধান্ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷ সুৰা নীতিৰ গোচৰত কেজৰিৱালৰ বিৰুদ্ধে CBIয়ে জাৰি কৰিছিল চমন৷ সোমবাৰে কেজৰিৱালে কয় যে তেওঁ ১২ মাৰ্চৰ পিছত ইডিৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰে। প্ৰসংগক্ৰমে কেজৰিৱালে কিবা কাৰণ উল্লেখ কৰি ইডিৰ চমন এৰাই চলিছে। কেজৰিৱালৰ দল আপে অৱগত কৰিছে যে ১২ মাৰ্চৰ পিছত কেজৰিৱালে হাজিৰ হ’ব বিচাৰিছে আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ইডিৰ জেৰাৰ সন্মুখীন হ’ব বিচাৰিছে।

চমনৰ প্রত্যুত্তৰ দিবলৈ সন্মত হোৱাৰ পাছতো সোমবাৰে দিল্লীৰ মুখ্যমন্ত্রীয়ে ইডিৰ চমনক ‘অবৈধ’ বুলি তীব্র সমালোচনা কৰে৷ ইডিয়ে ২৭ ফেব্ৰুৱাৰীত অষ্টমবাৰৰ বাবে কেজৰিৱালক মাতিছিল। ৪ মাৰ্চত তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছিল।

Leave A Reply