Breaking

ইজৰাইলত হামাছ ৰকেটৰ আঘাতত আহত কেৰালাৰ নাৰ্ছ শ্বীজা আনন্দ…

0 63

হামাছ সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণত এগৰাকী ভাৰতীয় আহত হোৱাৰ খবৰ আহিছে। শেহতীয়া খবৰ অনুসৰি ইজৰাইলত হামাছৰ ৰকেটৰ আক্ৰমণত আহত হৈছে কেৰালাৰ পৰা যোৱা এগৰাকী নাৰ্ছ । শ্বীজা আনন্দ নামৰ নাৰ্ছ গৰাকী ৰকেটৰ আক্ৰমণত আহত হোৱা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ মতে, ৪১ বছৰীয়া শ্বীজাই ইজৰাইলৰ এটা পৰিয়ালৰ বাবে কাম কৰি আছিল,

তেতিয়াই চলি থকা সংঘাতৰ মাজতে তেওঁ আহত হয়। সংঘাত সৃষ্টি হোৱাৰ সময়ত শ্বীজাই প্ৰথমতে পৰিয়ালৰ সৈতে যোগাযোগ কৰি নিজৰ নিৰাপত্তাৰ কথা জনাইছিল আৰু তাৰ পৰবৰ্তী সময়ত স্বামীৰ সৈতে ভিডিঅ’ কল কৰিছিল যদিও স্বামীৰ সৈতে কথা পাতি থকাৰ সময়তে হঠাতে ফোন লাইনটো বিচ্ছিন্ন হৈ পৰিছিল।

পিছত ইজৰাইলত থকা এজন ভাৰতীয় ব্যক্তিৰ পৰা তেওঁৰ পৰিয়াললৈ ফোন কৰা হৈছিল যে শ্বীজা আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ মাজতে শ্বীজাক চিকিৎসাৰ মাজতে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

বৰ্তমান সময়ত শ্বীজা আনন্দৰ অৱস্থা সংকটজনক, বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। উল্লেখযোগ্য যে শ্বীজাই বিগত সাত বছৰ ধৰি ইজৰাইলত কাম কৰি আহিছে, আনহাতে তেওঁৰ পৰিয়াল ভাৰতত থাকে। উল্লেখ্য ইজৰাইলত থকা ভাৰতীয় লোকসকলক শনিবাৰেই ইজৰাইলৰ ভাৰতীয় দূতাবাসে সতৰ্ক কৰি দিছিল। জৰুৰী কাম নাথাকিলে ভাৰতীয় লোকসকলক ঘৰৰ বাহিৰলৈ নোলাবলৈ সতৰ্ক কৰি দিয়া হৈছিল।

Leave A Reply