বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই সিদ্ধান্তসমূহ সদৰী কৰে।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত থকা অ’বি চিৰ বাবে সংৰক্ষিত ১৫ শতাংশ সংৰক্ষণ ২৭%লৈ বৃদ্ধি কৰা হয়।

কেবিনেটে ছয় জনগোষ্ঠী টাই-আহোম, চুতীয়া, মৰান, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ বাবে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত বিশেষভাৱে আসন সংৰক্ষণ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সংৰক্ষণ অ’বিচিৰ বাবে সংৰক্ষিত ২৭ শতংশৰ ভিতৰতে থাকিব।

