খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ গুৱাহাটীৰ ছান্দমাৰী কাৰ্যালয়ৰ কৰ্মচাৰী বীৰেণ ডেকা যোৱা ০৭/১১/২০২২ তাৰিখে হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায়।

মেডিচিন বিভাগৰ ইউনিট-৫ৰ ১০২ নম্বৰ বেডত ভৰ্তি কৰোৱা হৈছিল বীৰেণ ডেকাক। দিনৰ ২ মান বজাত তেওঁক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় আৰু প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰা হয়। কিন্তু ০৯/১০/২০২২ তাৰিখে দিনৰ ১০ মান বজাত নিজৰ বেডৰ পৰা হঠাৎ উঠি ওলায় যায় বীৰেণ ডেকা। তেওঁৰ কন্যা তথা সেই সময়ৰ অভিভাৱক পপী ডেকাই পিছে পিছে বিচাৰি গৈয়ো বিচাৰি নাপায় পিতৃ বীৰেণ ডেকাক।

পৰবৰ্তী সময়ত পপী ডেকাই ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত পিতৃৰ সন্ধান লাভ কৰা নাই। নিৰুদ্দেশ হোৱাৰ সময়ত বীৰেণ ডেকাই এটা কমলা ৰঙৰ গেঞ্জী আৰু এখন নীলা ৰঙৰ চেক থকা গামোচা পিন্ধি আছিল। ব্যক্তিজনৰ আলোকচিত্ৰ এই বাতৰিৰ সৈতে সংলগ্ন কৰা হৈছে। আনুমানিক ৬ফুট উচ্চতাৰ ৰঙিয়া মধুকুছি নিবাসী বীৰেণ ডেকাৰ কোনো সম্ভেদ লাভ কৰিলে সদাশয় লোকে 9864179235 / 8099444880 নম্বৰত পৰিয়ালৰ লোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।
