Breaking

সংবাদযোগে ক্ষমাপ্ৰাৰ্থী খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীৰ ।

0 2,094

নাগৰিক অধিকাৰ আন্দোলন সমিতিৰ স্মাৰক পত্ৰত ভুলবসত চহী কৰাৰ বাবে সংবাদযোগে ক্ষমাপ্ৰাৰ্থী খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে।উল্লেখ্য যে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা নাগৰিক অধিকাৰ আন্দোলন  সমিতি উৰফে citizen right movement committee ৰ উদ্যোগত বিটিআৰ গাঁও কৰ্টন আৰু সংযোজন সন্দৰ্ভত ওদালগুৰি জিলা বিষ্ণুৰাভা ভৱন প্ৰাঙ্গনত যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে এখন ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হৈছিল।যাৰ পৰিপেক্ষিতত নাগৰিক অধিকাৰ আন্দোলন সমিতিয়ে চমুকৈ (চিআৰএমচি) য়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।কিন্তু সেই ক্ষনত অনুপস্থিতিত  ওদালগুৰি জিলা বাথৌ মহাসভাৰ বিষয় ববিয়াৰ পৰিৱৰ্তে খৈৰাবাৰী আঞ্চলি বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীৰ হতুৱাই বাৰম্বাৰ মানা কৰাৰ পিছতো চহী কৰাই স্মাৰক পত্ৰ যুতিয়া ভাৱে প্ৰেৰণ কৰাত বাথৌ মহাসভাৰ শীৰ্ষ বিষয়ববীয়াই বাথৌ মহাসভা কেৱল বাথৌ ধৰ্মীয় লোকক ধৰ্মীয় ঋতি ৰিবাজ আৰু উঠি অহাঁ‌ নৱ প্ৰজন্মৰ বড়ো যুৱক যুৱতি সকলক ধৰ্মীয় জ্ঞান বা মাৰ্গ দৰ্শন কৰুৱাৰ উদ্দশ্যৰে বাথৌ মহাসভা জন্ম গ্ৰহণ কৰা হৈছিল বাবে বিৰেন বসুমতাৰীৰ ওপৰত ক্ষোভিত হৈ পৰিছিল। যাৰ বাবে আজি খৈৰাবাৰী বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে নিজক দুষী সাব্যস্ত কৰি সংবাদ যোগে  অজানিতে হোৱা ভুলৰ ক্ষমা বিছাৰী সংবাদ মেল আয়োজন কৰে।

Leave A Reply