গুৱাহাটী: Kharghuli Murder গুৱাহাটীৰ খাৰগুলি অঞ্চলত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই চহৰবাসীক আলোড়িত কৰিছে। ৬৯ বছৰীয়া বৃদ্ধা বন্দনা দাসক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ স্বীকাৰ কৰিছে তেওঁৰ কেয়াৰটেকাৰে। আৰক্ষীৰ তদন্তত উদ্ঘাটিত হয় যে ৰাতুল দাস নামৰ কেয়াৰটেকাৰজনে এই ভয়ংকৰ অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।
স্বীকাৰোক্তিৰ আধাৰত, ৰাতুল দাসে জানিবলৈ দিয়ে যে, বন্দনা দাসৰ পৰা মানসিক আৰু মৌখিক অপমান সহ্য কৰি তেওঁ মানসিকভাৱে ক্ষুব্ধ হৈছিল। বন্দনাই প্ৰায়েই তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰে ৰাতুলে। তেওঁ কোৱাৰ মতে, বন্দনাই তেওঁৰ শিশু সন্তানৰ বিষয়ে অপমানজনক কথা কোৱাটো তেওঁ আটাইতকৈ অপমানজনক বুলি অনুভৱ কৰিছিল। এই সকলোয়ে তেওঁৰ মনত দীৰ্ঘদিন ধৰি ক্ষোভ সৃষ্টি কৰি ৰাখিছিল।
অপৰাধ সংঘটিত হোৱাৰ নিশা, ৰাতুলে মদ্যপান কৰি ঘৰলৈ উভতি আহে। মাদকৰ প্ৰভাৱত থকা অৱস্থাত আৰু মানসিক উত্তেজনাত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই বিভীষিকাময় এক কাণ্ড ঘটায়। আৰক্ষীৰ জিজ্ঞাসাবাদত ৰতুলে জানিবলৈ দিয়ে যে, তেওঁ প্ৰথমে বৃদ্ধাক গলাচেপি হত্যাকাৰ্য সম্পন্ন কৰে আৰু তাৰ পিছতেই কাঁচি ব্যৱহাৰ কৰি গলত গভীৰ আঘাত দিয়ে।
ঘটনাৰ পাছত পুৱা বন্দনা দাসৰ মৃতদেহ তেওঁৰ ঘৰতে উদ্ধাৰ হয়। তেওঁৰ কোঠাৰ দুৱাৰ খোলা অৱস্থাত পোৱা গৈছিল, যাৰ ফলত প্ৰথমতে আৰক্ষীয়ে সন্দেহ কৰে যে, হত্যাকাণ্ডত কোনো ঘনিষ্ঠ ব্যক্তি জড়িত হ’ব পাৰে।
আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতে দুই কেয়াৰটেকাৰ—ৰাতুল দাস আৰু কুঞ্জলতা দাসক সোধ-পোছৰ বাবে আটক কৰে। ইয়াৰ পিছতে ৰাতুলে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।