চলিত প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছত অসমৰ সাফল্যৰ যাত্ৰা অব্যাহত আছে৷ বৃহস্পতিবাৰে(Khelo India Beach Games) অসমে পেনচাক চিলাটত এটা ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে ছেপাকটাক্ৰ’ আৰু পেনচাক চিলাটৰ তিনিটা শাখাৰ ফাইনেলত প্ৰৱেশ কৰি সোণ জয়ৰ দিশে অগ্ৰসৰ হৈছে৷ ফাইনেলত অসম সফল নহলেও তিনিটা ৰূপৰ পদক যে লাভ কৰিব সেয়া নিশ্চিত৷ ইফালে, পেনচাক চিলাটতে অসমৰ আৰু এগৰাকী খেলুৱৈয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷
বৃহস্পতিবাৰে অসমৰ ল’ৰাৰ ছেপাকটাক্ৰ’ দলে ৰেগু শাখাৰ ফাইনেলত প্ৰৱেশ কৰি দ্বিতীয়টো পদক জয় নিশ্চিত কৰে৷ ইফালে, পেনচাক চিলাটৰ ল’ৰাৰ ৬৫ কেজিত প্ৰাঞ্জল ৰাভা আৰু ছোৱালীৰ ৬৫ কেজি শাখাত লাকী দাসে ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, ছোৱালীৰ ৭৫ কেজি শাখাত খেম কুমাৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাৰ বিপৰীতে ল’ৰাৰ ৫৫ কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে টিপু পাটিৰে৷ এতিয়ালৈকে অসমে তিনিটা ব্ৰঞ্জ জয় কৰাৰ লগতে চাৰিটা পদক জয় নিশ্চিত কৰিলে৷
উল্লেখ্য যে দমন আৰু ডিউৰ লগতে দদৰা আৰু নগৰ হাৱেলিত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসমে কালি দুটা ব্ৰঞ্জৰ পদক জয় কৰি অভিযান আৰম্ভ কৰিছিল৷ প্ৰতিযোগিতাৰ তৃতীয় দিনটোত অসমে ছেপাকটাক্ৰ’ আৰু পেনচাক চিলাটত ব্ৰঞ্জ অৰ্জন কৰিছিল৷