Kho Kho World Cup 2025: নেপালক পৰাস্ত কৰি প্ৰথম খো খো বিশ্বকাপ চেম্পিয়ন ভাৰতৰ মহিলা দল

ভাৰতীয় মহিলা খো খো দলে ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰৰে নিজৰ নাম লিপিবদ্ধ কৰি বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে৷(Kho Kho World Cup 2025) নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম খো খো বিশ্বকাপৰ আজি হোৱা ফাইনেলত ভাৰতে ৭৮-৪০ ৰ ব্যৱধানত নেপালক পৰাস্ত কৰে৷

চেম্পিয়ন ভাৰতীয় মহিলা দলক সেউজীয়া ৰঙৰ মনোমহা ট্ৰফী প্ৰদান কৰা হয়৷ উল্লেখ্য যে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি ভাৰতীয় মহিলা দলে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়৷ উল্লেখ্য যে গ্ৰুপ মেচত ইৰাণ, মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াক পৰাস্ত কৰা ভাৰতীয় মহিলা খো খো দলে কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল৷

আজি খিতাপৰ যুঁজতো ভাৰতৰ মহিলা দলে নিজৰ অধিপত্য মেচৰ আৰম্ভনিৰ পৰাই অব্যাহত ৰাখি ৩৮ পইণ্টৰ ব্যৱধানত নেপালক পৰাস্ত কৰে৷ গতি, কৌশল, আৰু দক্ষতাৰ মাষ্টাৰক্লাছত ভাৰতীয় মহিলা খো খো দলে এক যাদুকৰী চিত্ৰনাট্য ৰচনা কৰে আই জি ষ্টেডিয়ামত৷ ভাৰতৰ অধিনায়িকা প্ৰিয়ংকা ইংলে নিজৰ নামত একাধিক টাচ পইণ্ট দি দলৰ খিতাপ জয়ত মুল ভূমিকা লয়৷

এই ঐতিহাসিক কৃতিত্বই ভাৰতক উদ্বোধনী বিশ্ব চেম্পিয়ন হিচাপে মুকুট পিন্ধোৱাই নহয়, বিশ্ব মঞ্চত থলুৱা ক্ৰীড়া খো খোৰ বাবেও এক চিৰস্মৰণীয় মুহূৰ্তৰ দৃঢ় স্বৰূপ ৰাখিলে৷ ফাইনেল মেচৰ শ্ৰেষ্ঠ আক্ৰমণকাৰী হয় ভাৰতৰ অংশু কুমাৰী৷ আনহাতে, ভাৰতৰে চৈত্ৰা মেচৰ শ্ৰেষ্ঠ হয়৷ বিপৰীতে খেলখনৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ হয় নেপালৰ মনমতী ধনী৷

Related Articles