Kho Kho World Cup 2025: প্ৰথম খো খো বিশ্বকাপ, দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল

ভাৰতৰ মহিলা দলে চলিত প্ৰথম খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে৷(Kho Kho World Cup 2025)নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হোৱা ছেমিফাইনেলত ভাৰতৰ মহিলা দলে ৬৬-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক৷

কাইলৈ হ’বলগা ফাইনেলত ভাৰতে সোণৰ পদকৰ বাবে নেপালৰ মহিলা দলৰ বিৰুদ্ধে খেলিব৷ মহিলাৰ আজি হোৱা আনখন ছেমিফাইনেলত নেপালে সহজে ৮৯-১৮ ৰ ব্যৱধানত উগাণ্ডাৰ মহিলা খো খো দলটোক পৰাস্ত কৰে৷

উল্লেখ্য যে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি প্ৰথম বিশ্বকাপৰ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈ্‌ছে ভাৰতীয় মহিলা খো খো দলে৷ গ্ৰুপৰ তিনিখন মেচতে জয়লাভ কৰা ভাৰতে একপক্ষীয় কোৱাৰ্টাৰ ফাইনেল মেচত বাংলাদেশৰ বিৰুদ্ধে ১০৯-১৬ ৰ ব্যৱধানত জয় অৰ্জন কৰিছিল৷

অধিনায়িকা প্ৰিয়ংকা ইংলেৰ নেতৃত্বত খেলা ঘৰুৱা দলটোৱে আজিও চাৰিওটা টাৰ্ণতে নিজৰ আধিপত্য প্ৰদৰ্শন কৰে৷ অৱশ্যে আজি ভাৰতে নিজৰ এশ পইণ্ট সংগ্ৰহৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে৷ পূৰ্বৰ প্ৰতিখন মেচতে ভাৰতৰ মহিলা দলে এই গৌৰৱ লাভ কৰিছিল৷

Related Articles